Breaking

ধুবুৰীত যদি সম্প্ৰদিকতাৰ উত্থান তেনেহ’লে যোৰহাটত কিহৰ — ৰকিবুল হুছেইন

0 33

চামগুৰিত নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনোৱা এক উৎসৱমুখৰ অনুষ্ঠানত আজি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে পাৰ ভঙা উৎসাহ পৰিলক্ষিত হয় ৷ আজি চামগুৰিৰ বাজিয়া ব্লক কংগ্ৰেছ কাৰ্য্যালয়ত বাজিয়া ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে কয় যে, “ধুবুৰীত যদি সম্প্ৰদিকতাৰ উত্থান হৈছে, তেনেহ’লে যোৰহাটত কিহৰ উত্থান হ’ল ? ধুবুৰীত যদি দহ লাখৰো অধিক ভোটত বিজয়ী হোৱাটো সাম্প্ৰদায়িকতাৰ উত্থান আছিল , তেনেহ’লে যোৰহাটত কংগ্ৰেছ বিজয়ী হোৱাটো কিহৰ উত্থান ? অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহক টুলুঙা মন্তব্য কৰি, বেয়া বেয়া কথাবোৰ কৈ সম্প্ৰীতিৰ সমাজখন ভাগ ভাগ কৰিছে । আমি চিন্তা কৰোঁ সমাজখনৰ মিলনৰ কথা; সকলো জাতি জনগোষ্ঠীক লগত লৈ সমাজখন আগুৱাই নিয়াৰ কথা ৷ আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ পৰিৱৰ্তে তেওঁ পুৰণিকলীয়া সম্প্ৰীতিত ভাঙন অনাৰহে চিন্তা কৰে ৷”’ ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক তথা অসমৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক ভোট লাভ কৰা ধুবুৰী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে আজি অভিনন্দন গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে । চামগুৰি সমষ্টিৰ বিধায়ক ৰূপে বিজয়ী হোৱা ৰকিবুল হুছেইনে চামগুৰিত উপস্থিত হৈ আজি এসময়ৰ বন্ধু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে

। চামগুৰি বিধানসভা সমষ্টিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ সাংসদ হুছেইনে কয়, ‘ আজি মুখ্যমন্ত্ৰী হতাশ হৈছে। ডিব্ৰুগড়ত বিজেপিৰ জয়ক লৈ যিমান আনন্দিত হৈছে, ধুবুৰীত বদৰুদ্দিনৰ পৰাজয়ত তেখেত তাতোতকৈ বেছি দুখীত আৰু হতাশ হৈছে। আজি সোঁতৰ বিপৰীতে গৈ ৰকিবুল হুছেইন জয়ী হৈছে। তেওঁ সোঁত যিফালে বয় সেই ফালে ঢাল খায়। তেওঁ সোঁতৰ বিপৰীতে গৈ জয়ী হৈ দেখুওৱাক। আজি তেওঁ মোক ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী হোৱাৰ বাবে নায়ক সজাব খুজিছে। তেওঁৰ নায়ক মই হ’ব নাযাওঁ। তেওঁৰ নায়ক হ’বলৈ গ’লে কাইলৈকে ম‌ই জিৰ’ হৈ যাম।’ চামগুৰিৰ কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত অনুস্থিত সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে লগতে কয়, ‘মুখ্যমন্ত্ৰী গৰাকীয়ে মূল্যবৃদ্ধিৰ কথা একো নকয়।আজিৰ দিনটোতে একমাত্ৰ অসমত পেট্ৰল-ডিজেল, গাখীৰ, মিঠাতেল, আলু, পিয়াঁজৰ দাম বাঢ়িছে। এই সম্পৰ্কত তেওঁ নিমাত। দুখীয়া ৰাইজ আজি চলিব নোৱাৰা অৱস্থা। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে চৰম হতাশাত ভুগি সাম্প্ৰদায়িকতাৰ কথা বতৰাবোৰ কৈ ৰাইজক মূল কথাৰ পৰা আঁতৰাই ৰাখিছে। টেটু চেপি মানুহক শাসন কৰিছে। ৰঙা চকু দেখুৱাই সকলোকে দমন কৰিব বিচাৰে। তেওঁৰ ভিতৰুৱা অৱস্থাই এতিয়া থৰক বৰক। বহু কষ্ট কৰি যি সকলে বিজেপিক ঠন ধৰালে সেই সকলকে কি অৱস্থা কৰিছে। তেওঁ বিজেপি ধ্বংস কৰাৰ দায়িত্ব লৈছে। যিমান বোকাত নামিব সিমানেই লুটুৰি পুটুৰি হ’ব। ৰাইজে তেওঁক কিয় বেয়া পাইছে সেই কথা অনুধাৱন কৰি ৰাইজক ক্ষমা খোজক। ৰাইজে উগ্ৰ মিঠা আৰু উগ্ৰ তিতা দুয়োটাকে বাদ দিছে। তেওঁ সাম্প্ৰদায়িকতাৰ কথা বতৰা বাদ দি মূল্যবোধৰ ৰাজনীতি কৰক।’ চামগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা, তানজিল হুছেইন, আব্দুল মালেক আদি কংগ্ৰেছৰ নেতা সকল উপস্থিত থাকে। ইপিনে এইবাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব নেকি বুলি সাংসদ হুছেইনক সাংবাদিকে সোধাত সেই প্ৰশ্নৰ পৰা আঁতৰি আগতে পঞ্চায়ত নিৰ্বাচন আছে তাৰ চিন্তাহে কৰা হৈছে বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.