Breaking

ধুবুৰীৰ ব্যাক্তিগত ইংৰাজী স্কুলৰ শিক্ষকৰ ঘৃণনীয় কাৰ্য, সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন নিৰ্যাতন

0 77

ধুবুৰীত ব্যাক্তিগত ইংলিছ স্কুলত অঘটন। নতুন কৈ নাম ভৰ্তি কৰা সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন অপকৰ্মৰ চেষ্টা চলালে এজন শিক্ষকে। গোচৰ ৰুজু কৰাৰ পাছতেই এতিয়া পলাতক বিদ্যালয় খনৰ শিক্ষক জন।শিক্ষাৰ মন্দিৰ অপবিত্ৰ কৰাৰ ভয়ংকৰ ঘটনা পোহৰ লৈ আহিছে ধুবুৰীত। ধুবুৰী, ঝগৰাপাৰত প্ৰথম খণ্ডত অৱস্থিত ব্যাক্তিগত স্কুলখনৰ কৰ্মৰত এজন হিন্দী শিক্ষকে এজন ১৩ বছৰীয়া ছাত্ৰৰ লগত কৰিলে অপকৰ্ম। জাহাংগীৰ আলম নামৰ এজন হিন্দী শিক্ষকে সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক মাতি লৈ প্ৰসাৱগাৰত লৈ গৈ অপকৰ্ম কৰাৰ লগতে শাৰীৰিক ভাবে অপদস্ত কৰে।


এই ঘটনা কান্দি কান্দি নিজৰ অভিভাৱকক অৱগত কৰাৰ পাছতেই অভিভাৱকে ধুবুৰীৰ সদৰ থানাত ৰুজু কৰিছে গোচৰ।বিদ্যালয় কতৃপক্ষই ইতিমধ্যে শিক্ষক জনক বিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই এতিয়া পলাতক অৱস্থাত আছে নৰপিশাচ ৰূপী শিক্ষক জাহাংগীৰ আলম।এতিয়া এই শিক্ষকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।আনহাতে ভুক্তভোগী ছাত্ৰ জনে এতিয়া মানসিক ভাৱে ভাঙি পৰাৰ লগতে বিদ্যালয় লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে।দুৰ্ভাগ্যজনক এই ঘটনাৰ পাছতেই এতিয়া বিদ্যালয় কতৃপক্ষ আৰু ছাত্ৰ জনৰ অভিভাৱকে শিক্ষক জনৰ শাস্তিৰ দাবী কৰিছে।


অভিযোগ মতে দু বছৰ পূৰ্বে ধুবুৰীৰ পূৰ্বৰ এজন স্কুল পৰিদৰ্শক স্কুল খনত
শিক্ষাৰ নামত হৈ থকা বিভিন্ন জালিয়াতিৰ অনুসন্ধান কৰিবলৈ স্কুল খনত ৰিকজনাইজ’ৰ পৰা আৰম্ভ কৰি CBSC কোৰ্সৰ কোনো তথ্য বিচাৰি নেপাই শ্বোকজ কৰিছিল।কেইবাদিনো স্কুল খন বন্ধ থকাৰ পিছত জিলা প্ৰশাসনৰ শিক্ষা বিভাগক কেৰেপ নকৰি স্কুল কতৃপক্ষই চলাই থকাত ৰহস্যৰ সৃষ্টি হৈছে।
ৰাইজে যৌন প্ৰশিক্ষক ৰুপি শিক্ষক জনক উপযুক্ত শাস্তিৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.