Breaking

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষক সম্বৰ্ধনা জনায়, অসম গণ পৰিষদৰ ধুবুৰী জিলাৰ সজাতি দলে

0 58

দৈনন্দিন বাৰ্তাৰ সেৱা, ধুবুৰী, ১৮ জুলাই : ধুবুৰী জিলা বাসীৰ বাবে এটি ভাল খবৰ। শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূর্ব সফলতাই কঢ়িয়াই আনিলে ধুবুৰী ভোলানাথ মহাবিদ্যালয়। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ে এই সুখবৰ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে ধুবুৰী জিলা বাসীৰ লগতে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনেই।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়ৰ অধীনস্থ ইউজিচি য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ২০২০’ৰ অধীনত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ক স্বায়িত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্রদান কৰিছে। এই শুভক্ষণত আজি
আজি অসম গণ পৰিষদৰ ধুবুৰী জিলা কমিটিৰ এটি সজাতি দলে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰব্য চক্ৰৱৰ্তীক এখন ফুলাম গামোচা, ফুলৰ টপ আৰু এটি জাপি দি সম্বৰ্দ্ধনা জনায়।

উপস্থিত আছিল অসম গণ পৰিষদৰ ধুবুৰী জিলা সভাপতি শ্ৰী অমল কুমাৰ সাহা, উপ সভাপতি সন্তোষ চৌধুৰী, সম্পাদক অশোক ৰায় প্ৰধানী, ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলিপ কুমাৰ সৰকাৰ ,উপ সভাপতি অমিতাভ আচাৰ্য, সম্পাদক নুৰ এ ছিবলি দলৰ জেষ্ঠ কাৰ্যকৰ্তা ত্ৰিবেণী ৰায়, আনিমুল ইছলাম, প্ৰবীৰ দাস বিশ্বনাথ ৰায় উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.