ধৰ্ম

Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

"সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে যৎপৰোনাস্তি সহায়-সহযোগিতাৰে সেৱা ধৰি যাব।" এই বক্তব্য অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta in Guru Avirbhav Mahotsav in Kaliabor)।

Srimanta Sankardev: শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন

Srimanta Sankardev । ধনশিৰি মহকুমাৰ সম জিলাৰ অন্তৰ্গত উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ ভাগ ২৪, ২৫ তাৰিখৰ পৰা ২৬ তাৰিখৰলৈ তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন।উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন

Durga Puja:৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু:Ravan

( Durga Puja)আজি ষষ্ঠী, বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ । ৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু হৈছে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ পূজা কমিটি। দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ ৪৩ টা বৰ্ষত ভৰি দিছে। প্লাষ্টিক মুক্ত মণ্ডপ প্ৰস্তুত কৰা হৈছে। দেৰগাঁৱৰ নৰেন শৰ্মা খেল পথাৰত এই পূজা ভাগ অনুষ্ঠিত কৰা হয়। কলিকতাৰ এক মণ্ডপৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ ৷ পুজাৰ লগত সংগতি ৰাখি আৰতি , উৰুলি আৰু শংঙ্খ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। (Ravan)

Durga Puja: নগাঁও চহৰৰ শতাধিক মণ্ডপ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু

(Durga Puja) কাইলৈ দুৰ্গা পূজাৰ ষষ্ঠীৰ প্ৰাক ক্ষণত নগাঁও চহৰত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে নগাঁও ছহৰৰ শতাধিক পূজা মণ্ডপ সাজু হৈ উঠিছে । নগাঁও চহৰৰ প্ৰথমখন দুৰ্গা পূজা হিচাপে চিহ্নিত খ্ৰীষ্টানপট্টিৰ বেলতলাৰ জানকীনাথ সেনৰ দুর্গা পূজাই এইবেলি ১৭৫ বছৰত ভৰি দিছে । জানকীনাথ উকীলৰ বেলতলাৰ পূজাখনৰ বাহিৰেও নগাঁও চহৰৰ আন সাৰ্বজনীন দুর্গা পূজা সমূহৰ ভিতৰত পাঁচখন পূজাই ইতিমধ্যে শতবৰ্ষ গৰকি গৈছে।(Eiffel tower durga puja pandal)

Durga Puja Festival : পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

(Durga Puja)নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান তথা বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে এইখন পূজাৰ মণ্ডপ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলেও এই ভাষাত পঢ়াশুনা কৰাৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উপস্হাপন কৰি তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে এইবাৰ (library)৷ উল্লেখযোগ্য যে,তেজপুৰত অনুষ্ঠিত হোৱা ডেৰশতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্হলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠ বাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্হলীৰ সন্মান৷যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুণৰ ৰাইজে এইখন পূজা পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তাৰে আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷ Durga Puja 2024 Ashtami Navami । Durga Puja Festival

Popular