নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তি চৰাইদেউ জিলা সমিতি গঠন


দৈনন্দিন বাৰ্তা সেৱা ,21 জুলাই ,সাপেখাতী নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ , উদ্যোগত চৰাইদেউ জিলা সাপেখাতীৰ আহ্বায়িকা ৰূপামণি গগৈ , যোগমায়া গগৈ আৰু দেৱাশ্ৰুতি ভূঞাৰ আহ্বান ক্ৰমে আজি সাপেখাতী এঞ্জেলিকা একাডেমিত এখনি নাৰী সজাগতা ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। ৰূপামনি গগৈয়ে আঁত ধৰা সভাৰ সভানেত্ৰী আসন গ্ৰহণ কৰে নলিনী আইদেউয়ে ।

সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি দেৱাশ্ৰুতি ভূঞা বড়াই নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তি উদ্দেশ্যে আৰু লক্ষ্যৰ লগতে সমাজ কৰ্মী তথা নদী আৰু নাৰী জাগ্ৰত শক্তিৰ প্ৰতিষ্ঠাতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ সুন্দৰ প্ৰচেষ্টা তথা ,নীতি,আদৰ্শক উপস্থিত ৰাইজৰ আগত উপস্থাপন কৰে ।উক্ত সভাতে কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী জোনমনি বড়া শইকীয়া আৰু ৰশ্মি বৰুৱাই নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ লক্ষ্য উদ্দেশ্যেৰ বিষয়ে খৰচী মাৰি ৰাইজক অৱগত কৰি অনুষ্ঠানটি আগবঢ়াই নিবলৈ আহ্বান জনায়।জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সভাখনত সমাজ সেৱীকা পৰি শইকীয়াই সভাত উপস্থিত থাকি বৰ্তমান নাৰীৰ সমস্যাৰাজীৰ বিষয়ে কৈ বিভিন্ন দিহা পৰামৰ্শৰ লগতে বৰ্তমান সময়ত মানৱীয়ত শেষ হৈ আহিছে বুলি বলিষ্ঠ কণ্ঠৰে বক্তব্য আগবঢ়াই। সমাজ সেৱীকা ইভা হাজৰিকাই তেওঁৰ বক্তব্যত কয় যে নদী নাৰী জাগ্ৰত শক্তি এটা সু দৃঢ় ভেটি । এনে ভেটি পালে যিকোনো কাম কৰি যোৱাৰ সাহস কৰিব পাৰি , লগতে আজি উপস্থিত থকা প্ৰতি গৰাকী সদস্যকে একত্ৰিত হৈ কাম কৰি যাবলৈ অনুৰোধ জনায় ।

উক্ত সভাতে সমাজ সেৱীকা নিৰুমণি তিপমীয়া বন্তি দাস উপস্থিত থাকি বক্তব্য ৰাখে । তেঁও লোকে কয় যে নাৰী সকল সজাগ হোৱাৰ সময় হ’ল , বৰ্তমান সমাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মই বেছি আকৰ্ষিত হৈছে । নাৰী ধৰ্ষণ কৰি পুৰুষ জন তথাকথিত ভদ্ৰ সমাজত ঘূৰি ফুৰে ,কিন্তু ধৰ্ষিতা গৰাকীয়ে ন্যায় নাপায় আত্মহত্যা কৰিব লগা হয় , সেয়ে সেই পুৰুষ সকলকো উচিত বিচাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে ।

সভাত ডালিমী দেৱীয়ে

নদী আৰু নাৰী জাগ্ৰত মহিলা শক্তিৰ দৰে এটি সুন্দৰ সংগঠন জন্ম দিয়াত বৈকুণ্ঠ প্ৰিন্স পাঠকক ধন্যবাদ দিয়াৰ লগতে তেঁও কয় যে বহু দিনৰ পাছত এটি সুন্দৰ সংগঠনৰ সৃষ্টি হৈছে । সুন্দৰ চিন্তা চর্চাৰে সংগঠনৰ লক্ষ্য উদ্দেশ্যক আগুৱাই নিবলৈ উপস্থিত সদস্যা সকলক আহ্বান জনায়। উক্ত সভাতে ৰূপামনি গগৈ ,নিৰুমণি তিপমীয়া ,ৰুবি ভূঞা সভানেত্রী , সম্পাদিকা ,দেৱাশ্ৰুতি ভূঞা , ৰুমী শইকীয়া ,যোগমায়া গগৈপ্ৰচাৰ বিভাগত – বন্তি দাস , বাসবিকা গগৈ বৰুৱা ,ডালিমী দেৱী , ভাগ্য শ্ৰী চেতিয়া চয়নিকা ভূঞা ।


ইভা হাজৰিকা , নলিনী আইদেউ ,অনিমা দেৱী , ৰুবি ভূঞা , কুঞ্জ গগৈ জোনমনি গগৈক উপদেষ্টা হিছাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।

Related Articles