নাতি কৰণ দেউলৰ বিয়াৰ পিছত পত্নী হেমা মালিনী আৰু কন্যা ঈছা দেউলৰ ওচৰত ক্ষমা বিচাৰিলে ধৰ্মেন্দ্ৰই…

নাতি কৰণ দেউলৰ বিয়াৰ পিছত পত্নী হেমা মালিনী আৰু কন্যা ঈছা দেউলৰ ওচৰত ক্ষমা বিচাৰিলে ধৰ্মেন্দ্ৰই। শেহতীয়াকৈ বলীউডৰ হে-মান ধৰ্মেন্দ্ৰৰ নাতি কৰণ দেউলৰ বিবাহ সম্পন্ন হয়। অভিনেতাগৰাকীয়ে সমগ্ৰ পৰিয়ালটোৰ সৈতে যথেষ্ট আনন্দ-ফূৰ্তি কৰে। অৱশ্যে এই বিবাহত সকলোৰে দৃষ্টি কেৱল হেমা মালিনী আৰু তেওঁৰ কন্যা ঈছা দেউল আৰু আহনা দেউলৰ ওপৰত আছিল। হেমা বিয়াত উপস্থিত থাকিব নে নাই জানিবলৈ মানুহৰ মনত ইচ্ছা আছিল। কিন্তু তেওঁলোকৰ কোনোৱেই কৰণৰ বিয়াত উপস্থিত নহ’ল।

ধৰ্মেন্দ্ৰই হেমাৰ ওচৰত ক্ষমা বিচাৰে-

ছ’চিয়েল মিডিয়াত ধৰ্মেন্দ্ৰৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে। ধৰ্মেন্দ্ৰই ছ’চিয়েল মিডিয়াত হেমা, ঈছা দেওল আৰু আহনা দেউলৰ ওচৰত ক্ষমা বিচাৰি পোষ্ট এটা শ্বেয়াৰ কৰিছিল।

ধৰ্মেন্দ্ৰৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে । ছুপাৰষ্টাৰগৰাকীৰ এই পোষ্টটোত তেওঁৰ জোঁৱাই ভাৰত তাখতানিয়েও উত্তৰ দি লিখিছে, “লাভ ইউ টু পাপা!” তেওঁলোকৰ পৰিয়ালৰ দুয়োটা পৰিয়ালে সদায় ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখিছে। আনকি দেওল ভাতৃদ্বয়েও আহানা আৰু ঈছা দেওলৰ বিয়াত উপস্থিত নাছিল, যাৰ বাবে বিয়াৰ সকলো অনুষ্ঠান অভয় দেউলে সম্পন্ন কৰিছিল।

Related Articles