নামতিত ধোদৰ আলি অৱৰোধ ছাত্ৰ সন্থাৰ


ধোদৰ আলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী, শিৱসাগৰৰ নামতিত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নামতি আঞ্চলিক সমিতিয়ে ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহাসিক ধোদৰ আলিৰ নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ তাৎক্ষণিক ভাৱে মেৰামতি কৰাৰ দাবীত নামতিৰ ধোদৰ আলিত আছুৱে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ধোদৰ আলি নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱা হাৰলালকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে সদৌ অসম ছাত্ৰ সন্থাৰ নামতি আঞ্চলিক সমিতি।

গড়কাপ্টানী বিভাগ লেই লেই চেই চেই, দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক, দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ওপৰত মিতিৰালি বন্ধ কৰক, অসম চৰকাৰ হায় হায় শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে অসম মালা আচনিৰ অধীনত নিৰ্মাণ হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানে ব্যাপক হেমাহি কৰাৰ অভিযোগ আনে সদৌ অসম ছাত্ৰ সন্থাই। নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথচোৱাত পুখুৰী সদৃশ দ দ গাঁ‌ত হৈ পৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে।পথটোৰ নিৰ্মাণৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গা লৰাব পৰা নাই চৰকাৰৰ। অৱশেষত আজি নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ডেৰ ঘণ্টা ধৰি ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি পথৰ মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যেঅসম মালা আচনিৰ অধীনত নিৰ্মাণ হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ দহ শতাংশ কামো সম্পাদন নকৰি শিৱা হাৰলালকা ঠিকাদাৰী প্ৰতিষ্ঠানে পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নামতিৰ পৰা চামগুৰি পৰ্যন্ত পথটোৰ নিৰ্মাণৰ নামত ব্যাপক হেমাহি কৰি আহিছে। পথটোৰ নিৰ্মাণৰ নামত পুখুৰীসদৃশ দ গাঁতবোৰ মেৰামতি নকৰি যাতায়াত ব্যাহত কৰি তুলিছে।
শীঘ্ৰে পথটো মেৰামতি নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে।

Related Articles