Breaking

নিউ বঙাইগাঁও জংচনত নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছৰ পৰা সোণৰ বিস্কুট আৰু বিদেশী মুদ্ৰাসহ চাৰিজন তামিলনাডুৰ ব্যক্তিক আটক

0 19

বঙাইগাঁওঃ ২৬ জুনঃ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছত চৰকাৰী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই সোণৰ বিস্কুট আৰু বিদেশী মুদ্ৰাসহ তামিলনাডুৰ চাৰিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷

নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে নিশা এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ১৩১৮২ নং নামনিমুৱা কাজিৰঙা এক্সপ্ৰেছৰ বি-২ ডবাযোগে নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ পৰা চোৰাংভাৱে সোণৰ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷

এই তথ্য লাভ কৰাৰ পিছতে নিশা ৰে’লখনৰ উক্ত ডবাত অভিযান চলোৱাত চাৰিজন লোকক সন্দেহজনভাবে বহি থকা প্ৰত্যক্ষ কৰি সোধাপোছা কৰাৰ লগতে তালাচী চলোৱাত ১৮ খন সোণৰ বিস্কুট, মালৱেছিয়া আৰু আমেৰিকাৰ মুদ্ৰা আদি উদ্ধাৰ কৰি জব্দ কৰে আৰু ব্যক্তিকেইজনক আটক কৰে ৷ জব্দকৃত সোণৰ বিস্কুট কেইখনৰ ওজন ৩৬০ গ্ৰাম ৷ আটকাধীন ব্যক্তি কেইজন আব্দুল ৰহমান সালেক আহমেদ (৪৮) , মধু কুমাৰ (৪৬) ,ৰাজকুমাৰ কালিয়াপেৰুমল (৪৬) আৰু প্ৰগদীশ্বৰন পি ভি আৰ (১৯) ৷ আটাইকেইজনৰে ঘৰ তামিলনাডুত ৷ আটকাধীন ব্যক্তি এজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সোণখিনি তেওঁলোকৰ আৰু ভূটানৰ পৰা চেন্নাইলৈ লৈ গৈ আছিল ৷ ইপিনে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply