পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ডিজিটেল শপতনামা আৰু ভোটাৰ তালিকা । নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি । PANCHAYAT ELECTIONS 2025


গুৱাহাটী, ‌৫ এপ্ৰিল: PANCHAYAT ELECTIONS 2025 । অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে শপতনামা (Affidavit) আৰু ভোটাৰ তালিকা সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰা হ’ব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে কয় যে, “পঞ্চায়ত নিৰ্বাচনত স্বচ্ছতা বৃদ্ধি কৰিবলৈ, প্ৰথমবাৰৰ বাবে প্রাৰ্থীৰ শপতনামা ডিজিটেলাইজ কৰি নাগৰিকসকলৰ বাবে উপলব্ধ কৰা হ’ব।”

ইয়াৰ লগতে, ভোটাৰ তালিকাও ডিজিটেল ৰূপত আয়োগৰ ৱেবছাইটত পিডিএফ স্বৰূপত উপলব্ধ হ’ব। ভোটাৰসকলে নিজৰ জিলা, পঞ্চায়ত আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচন কৰি নিজৰ নাম আদিসহ সবিশেষ চাব পাৰিব।

আলোক কুমাৰে উল্লেখ কৰে যে, “যদিও লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইতিমধ্যে এই ব্যৱস্থা চালু আছে, পঞ্চায়ত নিৰ্বাচনত এইবাৰেই প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা প্ৰচলন কৰা হৈছে।”

আয়োগে এইবাৰ বিভিন্ন তথ্য-প্ৰযুক্তি আধাৰিত সেৱা চালু কৰিছে, যেনে —

বেলট বাকচত ইউনিক ক’ড সংলগ্ন কৰা

প্ৰতিটো জিলা আৰু কেন্দ্ৰত টোল-ফ্ৰী নম্বৰ সহ আচৰণ বিধি উলংঘনৰ অভিযোগ দাখিলৰ ব্যৱস্থা

ভোট গ্ৰহণ আৰু গণনাৰ তথ্য প্ৰতিদ্বাৰা দুঘণ্টাৰ মূৰে মূৰে আপডেট কৰা

আয়ুক্ত কুমাৰে লগতে কয় যে, প্ৰাৰ্থীৰ শপতনামাৰ ডিজিটেলাইজ প্ৰক্ৰিয়াই নাগৰিকক প্রাৰ্থীৰ পোৰ্টফ’লিঅ’ চাবলৈ সুবিধা দিব। এই পোৰ্টেলত প্ৰাৰ্থীৰ ফটো, আয়-ব্যয়, দেনা-পাওনা আৰু সকলো প্ৰাসংগিক তথ্য উপলব্ধ থাকিব।

নতুন নিয়মৰ অধীনত, গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ন্যূনতম হাইস্কুল উত্তীর্ণ হ’ব লাগিব, আৰু আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব। বিশেষ শ্ৰেণীৰ (SC/ST/OBC/MOBC) প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মান যথেষ্ট হ’ব।

২০১৮ চনৰ ১৯ মাৰ্চৰ আগতে দুটা সন্তান থকা ব্যক্তিৰ ক্ষেত্ৰত সন্তানসংখ্যাৰ বিধি প্রযোজ্য নহয় বুলি কুমাৰে স্পষ্ট কৰে। তদুপৰি, ঘৰত ছেনিটাৰী শৌচালয় নথকা আৰু দুবছৰ বা ততোধিক কাল ফৌজদাৰী গোচৰত দণ্ডিত ব্যক্তি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হ’ব নোৱাৰিব।

ব্যয় সীমাৰ ক্ষেত্ৰত, গাঁও পঞ্চায়তৰ প্ৰাৰ্থীয়ে ২৫,০০০ টকা, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে আঢ়ৈ লাখ টকা আৰু জিলা পৰিষদৰ প্ৰাৰ্থীয়ে ১০ লাখ টকা ব্যয় কৰিব পাৰিব।

উল্লেখযোগ্য যে, এইবাৰ অসমত মুঠ ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ জন ভোটাৰ আছে, যাৰ ভিতৰত ৯০.৭১ লাখ পুৰুষ, ৮৯.৬৫ লাখ মহিলা আৰু ৪০৮ জন তৃতীয় লিংগৰ ভোটাৰ। ২০১৮ চনৰ তুলনাত এইবাৰ ভোটাৰ বৃদ্ধি ১৩.২৭ শতাংশ।

আলোক কুমাৰে কয়, “এইবাৰ মহিলা ভোটাৰৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু পুৰুষ ভোটাৰৰ সৈতে প্ৰায় সমানে আহি পৰিছে। ভোটাৰত লিংগৰ আনুপাতিকতাত মাত্ৰ ১% পাৰ্থক্য পৰিলক্ষিত হৈছে।”

এই ডিজিটেল পদক্ষেপসমূহে পঞ্চায়ত নিৰ্বাচনত অধিক স্বচ্ছতা, সচেতনতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ আশা জ্ঞাপন কৰিছে।

Related Articles