Breaking

পশ্চিম কাৰ্বি আংলঙত বান নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা

0 25

১২ জুলাই, টুম্প্ৰেং: অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি টুম্প্ৰেঙত জিলাখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে ।

মন্ত্ৰীগৰাকীয়ে আজিৰ পৰ্যালোচনাত উল্লেখ কৰে যে এইবাৰ জিলাখনত বান-খহনীয়া প্ৰতিৰোধৰ বাবে বৈঠালাংছ’ সমষ্টিত বাৰিষাকাল শেষ হোৱাৰ লগে লগে ১৫ কিল’মিটাৰ নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

ইয়াৰে কপিলী নৈৰ পাৰত ১১ কিল’মিটাৰ আৰু বৰপানীৰ পাৰত ৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ ক’ৰা হ’ব । এই মথাউৰি যাতে উন্নত আৰু শক্তিশালীভাৱে নিৰ্মাণ কৰি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

পৰ্যালোচনা কালতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বান-খহনীয়াৰ অন্যান্য দিশসমূহৰ বিষয়েও বুজ লয় ।

Leave A Reply

Your email address will not be published.