Breaking

পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৰ জিমিৰগাঁওত কৃষকৰ মাজত তৈল পাম খেতি বিষয়ক প্ৰশিক্ষণ

0 19

২ আগষ্ট : এন এম ই অ – অ পি আঁচনিৰ অধীনত তৈল পাম খেতি বিষয়ক কৃষক সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম – মেঘালয় সীমান্তৰ জিমিৰগাওঁত ৩১ জুলাই আৰু পহিলা আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ সহযোগত আৰু লুইত এডুকেচনেল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কৃষক তৈল পাম খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত ভাগ লোৱা সমল ব্যক্তি সকলে ভাষণ প্ৰসংগত তৈল পাম খেতিৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা কেইটামান সুবিধা ক্ৰমে – এন,এম ,ই,অ,পি,ৰ, অধীনত কৃষকসকলক প্ৰদান কৰা ৰাজ সাহায্য , তৈল পাম পুলিৰ বিতৰণ , জল সঞ্চয়ৰ গাঁথনি (পুখুৰী , নলী নাদ আৰু কুৱা) ,ভাৰ্মিকম্পষ্ট ইউনিটৰ বাবদ চাৰি হাজাৰ টকা ,শস্য চপোৱা সজুলিৰ বাবদ দহ হাজাৰ টকা, ট্ৰেক্টৰৰ লগত টুলী প্ৰতি ইউনিটে দুই লাখ টকালৈকে এই খেতিৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আদিৰ বাখ্যা দাঙি ধৰে ।

প্ৰশিক্ষণ কাৰ্যসূচীত আৰ্থিক সাহায্যৰ লগতে কৃষক সকলক কাৰিকৰী শিক্ষাও প্ৰদান কৰা । প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক হমেশ্বৰ কলিতা, ৰাণী খণ্ড কৃষি বিষয়া কৃষি সম্প্ৰসাৰণ সহাযক ব অচ্যুত বৰ্মন , জিমিৰগাঁওৰ জেষ্ঠb কৃষক মহেশ্বৰ ৰাভা , গান্ধীৰাম ৰাভাকে ধৰি তিনিখন গাঁওৰ বহুসংখ্যক কৃষক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.