Breaking

পাঞ্জাবাৰীত অসমীয়া পৰম্পৰাগত ৰন্ধনশৈলী বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰ সম্পন্ন

0 23

গুৱাহাটী ,৯ জুলাই: পৰম্পৰাগত খাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চল আৰু অসমীয়া পৰম্পৰাগত ৰন্ধন শৈলীৰ এখন কৰ্মশালা আৰু তথ্য জ্ঞান ভিত্তিক আলোচনা চক্ৰ ৭ জুলাইত গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হৈ যায় । কৰ্মশালা আৰু আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক অংশগ্ৰহণকাৰিয়ে যোগদান কৰে ।

প্ৰশিক্ষক হিচাপে আছিল মিতালী কলিতা আৰু মৃদুস্মিতা দত্ত দুৱৰা । আলোচনাচক্ৰ খনত উপস্থিত আছিল সাহিত্যিক ইছমাইল হুছেইন , দৈনিক অসম কাকতৰ বাৰ্তা সম্পাদক ৰঞ্জিত হাজৰিকা , অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিষয়ক পৰামৰ্শদাতা ৰাতুল দাস আৰু প্রিয় বন্ধু অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰ । আনহাতে অনুষ্ঠানটোত চৈয়দা চমিনা আৰফিন চিষ্টি , কাবেৰী গগৈ ডেকা আৰু ৰুমী দেৱান উপ দে উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.