পোহনীয়া হাতীৰ তাণ্ডৱ !

মহানগীৰত স্কুল বাছ মাফিয়া দুদুল চৌধুৰীৰ পোহনীয়া হাতীৰ তাণ্ডৱ। দিছপুৰৰ জনতা ভৱনৰ সন্মুখত হাতীটোৱে ভাঙিলে কেবাখনো বাহন, উগ্ৰমূৰ্তি ধাৰণ কৰা হাতীটোৱে বহু পথচাৰীকো আক্ৰমণ কৰে । স্কুল বাছ মাফিয়া দুদুল চৌধুৰীৰ পোহনীয়া হাতীয়ে এইবাৰ তাণ্ডৱৰ সৃষ্টি কৰিলে মহানগৰীত। দিছপুৰৰ জনতা ভৱনৰ সন্মুখত হাতীটোৱে সৃষ্টি কৰে তাণ্ডৱৰ। ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় জনতা ভৱনৰ সন্মুখত। উগ্ৰমূৰ্তি ধাৰণ কৰা হাতীটোৱে এফালৰ পৰা ভাঙি গ’ল যান-বাহন। ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় জনতা ভৱনৰ সন্মুখত। জনতা ভৱনৰ সন্মুখৰ পাৰ্কিত প্ৰৱেশ কৰি হাতীটোৱে বিস্তৰ ক্ষতিসাধন কৰে।

হাতীটোৰ আক্ৰমণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীয়েও হাতীটোক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। পিছত বন বিভাগৰ লোকক খবৰ দিয়া হয় আৰু বন বিভাগৰ লোকে আহি হাতীটোক ট্ৰেংকুলাইজ কৰি হাতীটোক বশ কৰিবলৈ সক্ষম হয়। এইগৰাকী বিতৰ্কিত দুদুল চৌধুৰীৰ পোহনীয়া হাতীয়ে এইবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে মহানগৰীত। উল্লেখ্য যে তেওঁৰ এই হাতীটোৱে ইয়াৰ পূৰ্বেও কাহিলিপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। হাতীটোৰ আক্ৰমণত কাহিলিপাৰাত নিহিত হৈছিল এজন লোক।

উল্লেখ্য যে স্কুল বাছৰ নামত কণকণ ছাত্ৰ-ছাত্ৰীৰ বাবে মৰণ ফান্দ পাতিছিল এইগৰাকী দুদুল চৌধুৰীয়ে। নীতি-বহিৰ্ভূতভাৱে স্কুল বাছ চলাই প্ৰশাসনৰ ৰোষত পৰিছিল এইগৰাকী বিতৰ্কিত দুদুল চৌধুৰী। নীতি বহিৰ্ভূতভাৱে চলোৱা তেওঁৰ ১০ খনকৈ স্কুল বাছ প্ৰশাসনে জব্দ কৰিছিল।

স্কুল বাছ মাফিয়া দুদুল চৌধুৰী পুহিছে তিনিটাকৈ হাতী। তিনিটা হাতীৰ এটা হাতী আজি তেওঁৰ ঘৰৰ পৰা ওলাই আহি সৃষ্টি কৰে সন্ত্ৰাসৰ। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহানগৰীৰ মাজমজিয়াত যেনেদৰে হাতীকেইটাক পোহ মনাই ৰাখিব লাগিছিল বা হাতীকেইটাক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিছিল দুদুল চৌধুৰীয়ে তেনেদৰে ৰখাৰ চেষ্টা কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে।

Related Articles