Breaking

প্ৰকাশ পালে মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’

0 43

প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা।


বৰ্তমান সময়ত সবাতোকৈ গুৰুত্ব দিবলগীয়া যদিও যিটো গুৰুত্ব নিদিয়া বিষয়টোৱে হ’ল পৰিৱেশ। অতিসম্প্ৰতি যি এমুঠিমান মানুহে হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে তাৰ ভিতৰতে এজন উদ্যমী যুৱক, শিক্ষক লেখক, পৰিৱেশকৰ্মী হ’ল মানস প্ৰতিম দত্ত। বিজ্ঞান আৰু পৰিৱেশ লেখক,অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,শিক্ষক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক দিৱসসমূহৰ ঐতিহ্য বিষয়ক নৱতম গ্ৰন্থ ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’ প্ৰকাশ পালে। গ্ৰন্থখনৰ সম্পৰ্কে লেখক দত্তই কয় যে, প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰিৱেশ বিষয়ক বিভিন্ন দিৱস সমূহ আৰু ইয়াৰ ঐতিহ্য বিষয়ক এখন হাতপুথিৰ অভাৱ অনুভৱ কৰি আছিলোঁ। ভাবিলোঁ – এই অভাৱটো দেখোন ময়েই দূৰ কৰিব পাৰোঁ। তাৰেই ফল ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’।

আগ্রহী প্রার্থীসকলে এখন হাতপুথি হিচাপে নিজৰ লগত ৰাখিব পাৰে সেই কথাত গুৰুত্ব দিয়া হৈছে। গ্রন্থখনত কেৱল পৰিৱেশ বিষয়ক দিৱসসমূহৰ ঐতিহ্যৰ বিষয়েই অৱলোকন কৰা নাই বৰঞ্চ এই ক্ষেত্ৰত মানুহৰ দায়িত্ব আৰু সংৰক্ষণ চেতনাৰ বীজ গঢ়ি তুলিবলৈয়ো যত্ন কৰা হৈছে। পৰিৱেশ বিষয়ক বিভিন্ন দিৱস সমূহ, অসমৰ পৰিৱেশ সংগঠনসমূহৰ লগতে অসমৰ অৰণ্য সংৰক্ষণৰ গৱেষণামূলক ঐতিহ্য বিষয়ে তথ্যসম্বলিত আলোচনাৰে সমৃদ্ধ এখন হাতপুথি হিচাপে প্রতিজন পাঠকে গ্রন্থখন নিজৰ লগত ৰাখিব পাৰে।’
প্ৰয়াত ভ্ৰাতৃ অচ্যুত দত্তৰ স্মৃতিত প্ৰকাশিত গ্ৰন্থখন পাঞ্চজন্য বুকছে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.