Breaking

প্ৰয়াত আয়ুৰ্বেদিক চিকিৎসক ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাসগৃহত মূখ্যমন্ত্ৰী

0 25

জালুকবাৰী ,৩ আগষ্ট, উত্তৰ-পূব ভাৰতৰ আয়ুর্বেদ শিক্ষা আৰু চিকিৎসা সেৱা প্ৰচাৰৰ
অন্যতম বাটকটীয়া ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত কাৰণত ২৬ জুলাইত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল ।

নিশা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ গুৱাহাটীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা প্রকাশ কৰে । অসমৰ চিকিৎসা ক্ষেত্রলৈ অসামান্য অৱদান আগবঢ়াই যোৱা অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষাৰ প্ৰতিষ্ঠান চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট আয়ুর্বেদ চিকিৎসক গৰাকীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অর্পণ কৰে আৰু বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। মূখ্যমন্ত্ৰী ডঃ শৰ্মাই উপস্থিত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত কয় – সুচিকিৎসক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।

তেওঁ মৃত্যু পৰ্যন্ত আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ ক্ষেত্ৰখনৰ গবেষণা আৰু নতুন নতুন চিকিৎসা পদ্ধতিৰ উন্নয়ন সাধনৰে ৰোগী সকলৰ আৰোগ্য লাভ কৰা বিষয়টোত নিজকে সমৰ্পিত কৰিছিল। উল্লেখ্য যে সাক্ষাৎ কালত প্ৰয়াত ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ দুই পুত্ৰ ক্ৰমে – সঞ্জীৱ ভট্টাচাৰ্য আৰু দেবব্ৰত ভট্টাচাৰ্যৰ সৈতেও বাৰ্তালাপ কৰি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত সহায় – সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে সাক্ষাৎ কালত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস, মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, লঙ্কেশ্বৰ অঞ্চলৰ যুৱ সমাজকৰ্মী প্ৰশান্ত তালুকদাৰকে ( মুন) ধৰি অঞ্চলটোৰ কেবাজনো নেতৃস্থানীয় লোক উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.