Breaking

প্ৰিয়া কুমাৰী চাহুৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কি স্থান লাভ কৰিলে !

0 35

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰিয়া কুমাৰী চাহুয়ে বিশেষ সফলতা লাভ কৰিছে । উল্লেখযোগ্য যে ,২০২৪ বৰ্ষৰ  ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনৰ স্নাতক চূড়ান্ত পৰীক্ষাত চিলাপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী প্ৰিয়া কুমাৰী চাহুয়ে বিশ্ববিদ্যালয়ৰ ভিতৰতে  প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

কুলামুৱা নিৱাসী মনোজ চাহু আৰু গীতা চাহুৰ তৃতীয় কন্যা প্ৰিয়াই 88.60 শতাংশ (8.76)নম্বৰ সহ বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্হান লাভ কৰি প্ৰিয়া কুমাৰীয়ে নিজৰ পৰিয়াল-আত্মীয়ৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগ, চিলাপথাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালক উৎফুল্লিত কৰি তুলিছে।

ইফালে ছাত্ৰী গৰাকীৰ এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষীনাথ পেগু, পৰিচালনা সমিতিৰ সভাপতি তথা চিলাপথাৰ মহাবিদ্যালয়ৰ  ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নবীন চন্দ্ৰ কাৰ্দং , ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা মধুস্মিতা দেৱী, বিভাগীয় অধ্যাপিকা দেৱীনা পামেগাম পেগু,মনিকা দলে আদিয়ে অভিনন্দন জনোৱাৰ লগতে এই ধাৰা অটুট ৰাখি আগবাঢ়ি যাবলৈ ছাত্ৰীগৰাকীক পৰামৰ্শ আগবঢ়ায়। ইফালে সমগ্ৰ চিলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীৰ এই সাফল্যত বিভিন্ন দল-সংগঠন, বিশিষ্ট ব্যক্তি আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে ।

Leave A Reply