Breaking

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰে ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰে বৈঠক , নিগমক শক্তিশালীকৰণত গুৰুত্ব দিব চৰকাৰে

0 19

গুৱাহাটী , ৮ আগষ্ট : ৰাজ্যৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাটি, সম্পত্তি সমূহত ব্যৱসায়িক কেন্দ্ৰস্থললৈ উন্নীতকৰণ, বাছৰ সংখ্যা বৃদ্ধিকে ধৰি নিগমক শক্তিশালীকৰণত গুৰুত্ব দিব ৰাজ্য চৰকাৰে। এই কথা সদৰি কৰিছে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই।

৬ আগষ্টৰ সন্ধিয়া নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ সংগঠন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ এটা সজাতি দলে দিছপুৰৰ অসম সচিবালয়ৰ কাৰ্যালয় কক্ষত কৰা সাক্ষাৎ কালত এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই। সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰৰ নেতৃত্বত যোৱা সজাতি দলটোৱে মন্ত্ৰী কেশৱ মহন্তক নিগমৰ কৰ্মচাৰী সকলৰ অভাৱ – অভিযোগ সম্বলিত এখন দুই দফিয়া স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰী মহন্তই সজাতি দলটোক কয় – মই বিভাগটোত নতুনকৈ আহিছো। গতিকে সম্পুৰ্ণকৈ বুজতে অলপ সময় লাগিব।

বিধানসভাৰ আগন্তুক বাজেট অধিবেশনত নিগমৰ কৰ্মচাৰী সকলৰ বাকী থকা বকেয়া ধনৰ বিষয়ে উত্থাপন কৰা হব। তেনেদৰে বছৰ বছৰ ধৰি নিগমত ঠিকাভিত্তিক কৰ্মচাৰী সকলৰো নিয়মীয়াকৰণৰ বিষয়টো সন্দৰ্ভত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হব। অৱশ্যে বিগত বৰ্ষত নিগমৰ ছাটাই কৰা ৭৭১ জন কৰ্মচাৰীৰ বিষয়টো ন্যায়ালয়ৰ বিচৰাধীন হৈ থকা বাবে ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কৰা হব। আনহাতে সজাতি দলটোত সন্থাৰ উপ সভাপতি চুলেমান আলী বেপাৰী, সম্পাদকত্ৰয় গুণজিত পাঠক, কনক ভৰালী আৰু অমৰজ্যোতি বৰঠাকুৰ, ধনভৰালী কৈলাশ তালুকদাৰ উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.