Breaking

বগা হাতীত পৰিণত নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনি

0 20

বগা হাতীত পৰিণত নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনি। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ। ঠিকাদাৰ আৰু চৰকাৰী অভিযন্তাৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ। অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে স্থানীয় ৰাইজ।

এই দৃশ্য নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনিৰ। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এটা বৃহৎ অঞ্চলৰ ৰাইজ।নাজিৰা সমষ্টিৰ অন্তৰ্গত গেলেকীৰ সোনাপুৰ, চৰাইসজীয়া আৰু বেলিমুখ অঞ্চলৰ ৰাইজ আজি প্ৰায় চাৰি বছৰ দিন ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৰাইজৰ। গেলেকীৰ ন-পুখুৰী পঞ্চায়তৰ অধীনৰ গেলেকী জংঘল পানী যোগান আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ঠিকাদাৰ শান্তনু আৰু মুকুন্দৰ বিৰুদ্ধে উঠিছে এই কেলেংকাৰীৰ অভিযোগ। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ৰাজেন বৰুৱা এই কেলেংকাৰীৰ সমানেই জগৰীয়া বুলি অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত স্থানীয় পুৰুষ মহিলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে।

এতিয়া প্ৰশ্ন হয় এইসকল ৰাইজৰ মৰ্ম বেদনা শুনিবলৈ আহৰি নোহোৱা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কোনে ?

Leave A Reply