Breaking

বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা

0 23

মই এজিপিও নহয়, বিজেপিও নহয় , মই এতিয়া সাংসদ – চৌধুৰী

বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তাসকলে বিপুলভাবে সম্বৰ্ধনা জনায় ৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাক্তন বিধায়ক তথা এইবাৰ শাসকীয় মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীৰ সংসদ ভৱনলৈ নিৰ্বাচিত হোৱা সাংসদ চৌধুৰীক সম্বৰ্ধনা জনোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল ৷

এই উপলক্ষে জিলা বিজেপিৰ সভাপতি উজ্বলকান্তি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দলটোৰ বঙাইগাঁও জিলাৰ প্ৰভাৰী বনদ্বীপ ডেকা, জিলাৰ প্ৰাক্তন সভাপতিসকলৰ লগতে দলীয় কাৰ্যকৰ্তাসক উপস্থিত আছিল ৷ ইপিনে সম্বৰ্ধনা অনুষ্ঠানৰ পিচত নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মই এজিপিও নহয়, বিজেপিও নহয় , মই এতিয়া সাংসদ ৷ তেওঁ কয় যে মই এইকাৰণে কৈছো যে আমি এজিপি, বিজেপি আৰু ইউপিপিএল দলে মিত্ৰতাত আবদ্ধ হৈ আছোঁ ৷ গতিকে এই সমষ্টিটোত কেৱল এজিপিৰে মানুহ নাই, বিজেপিৰে মানুহ নাই ৷ গতিকে আমি যদি এই সমষ্টিটোৰ উন্নয়ন কৰিবলগীয়া হয়, তেতিয়াহলে এজিপি, বিজেপি প্ৰত্যেকৰে উন্নয়ন কৰিব লাগিব ৷ আমি যিহেতু নিৰ্বাচনটো তিনিটা দলে খেলিছো, গতিকে আমি তিনিটা দলকে সমভাবে গুৰুত্ব আৰোপ কৰি সমভাবে উন্নয়নৰ দিশত প্ৰাধন্য দিম ৷ ইপিনে সাংসদ হিচাপে আৰম্ভ হোৱা নতুন যাত্ৰা সন্দৰ্ভত তেওঁ কয় যে নতুন যিটো যাত্ৰা আৰম্ভ হৈছে, মই ভাবো যে যোৱা ৩৮ বছৰে বিধায়কৰ কাৰ্যকালত যেনেধৰণে মই ৰাইজক সেৱা আগবঢ়াইছিলো, একেধৰণে মই যাতে এই পাঁচটা বছৰত বৰপেটা লোকসভা সমষ্টিবাসী ৰাইক সেৱা আগবঢ়াব পাৰো তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম ৷ আনহাতে উপ নিৰ্বাচন সন্দৰ্ভত সাংসদ চৌধুৰীয়ে কয় যে উপ নিৰ্বাচন হ’ব ৷ প্ৰাৰ্থী দলে নিৰ্বাচন কৰিব ৷

মই এতিয়ালৈ ঠিক কৰা নাই আৰু তাত মোৰ একো নাই ৷ ইপিনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে মই নথৈ আনন্দিত যে মই যিহেতু ইয়াৰ অভিভাৱক মন্ত্ৰী ৷ প্ৰকৃতাৰ্থত ফণীভূষণ চৌধুৰী সন্দৰ্ভত ক’বলগীয়া একো নাই ৷ কাৰণ অসমৰ সৰ্বজনবিদিত ৷ নিৰ্বাচনৰ সময়ত বিভিন্ন মানুহে বিভিন্ন অপপ্ৰচাৰ চলাইছিল ৷ কিন্তু তাৰ পিচতো আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছে ৷ মই তেঁৱক শুভেচ্ছা জনাইছোঁ ৷ পূৰ্বতে কেৱল বঙাইগাঁও সমষ্টিটো চাইছিল যদিও এইবাৰ সাংসদ হিচাপে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ সমষ্টিৰ লগতে গোটেই অসমৰ বিষয়সমূহো সংসদত উত্থাপন কৰিব পাৰিব বুলি মোৰ বিশ্বাস ৷

Leave A Reply