Breaking

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

0 79

বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ

টকা দিলে চাপৰৰ ছাগলখুটি বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিব পাৰিব আপুনি

২০ হাজাৰ টকাৰ বিনিময়ত ছমেদ আলী নামৰ ব্যক্তি জনে গৃহ নিৰ্মাণ কৰিবলৈ দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ

এই কথা নিজ মুখে স্বীকাৰ কৰে বনাঞ্চলৰ ভূমিত ধন দি গৃহ নিৰ্মাণ কৰা বৃদ্ধা মহিলা গৰাকীয়ে

এইজনেই হৈছে দালাল ৰূপী ছমেদ আলী যিজনৰ বিৰুদ্ধে ছাগলখুটিৰ বহু পৰিয়ালৰ পৰা ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ দিয়াৰ অভিযোগ

উল্লেখ্য যে বৃদ্ধা মহিলা গৰাকীৰ ভূমি নদীত জাহ যোৱাত বৃদ্ধা গৰাকী আৰু তেখেতৰ পৰিয়ালে পূৰ্বতে ছাগলখুটি বনাঞ্চলত কিনি থোৱা ভূমিত সা সামগ্ৰী লৈ আশ্ৰয় লবলৈ আহিছিল

কিন্তু আশ্ৰয় লবলৈ আহি গৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ছমেদ আলী নামৰ ব্যক্তি জনে বাধা দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰে বৃদ্ধা মহিলা গৰাকীয়ে

অৱশেষত বৃদ্ধা মহিলা গৰাকীয়ে ছমেদ আলী নামৰ ব্যক্তি জনক ২০ হাজাৰ টকা দিয়াৰ পিছত হে তেখেতসকলে গৃহ নিৰ্মাণ কৰিব পাৰিছিল বুলি জানিব দিয়ে

এতিয়া প্ৰশ্ন হয় কাৰ সাহসত এইজন ছমেদ আলী নামৰ ব্যক্তি জনে ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে?

আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বহলপুৰ আঞ্চলিক বন বিষয়াই ছমেদ আলীৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়

Leave A Reply

Your email address will not be published.