বহিঃৰাজ্যত অকাল মৃত্যুক সাৱটি ল’লে অসমৰ দুই যুৱকে…

অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটি ল’লে অসমৰ দুই যুৱক।

বহি:ৰাজ্যত পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় অসমৰ যুৱক।

মৃতদেহ ঘৰ পোৱাৰ লগে কান্দোনত ভাঙি পৰে পৰিয়ালৰলোক।

উক্ত ঘটনাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাপৰৰ খেৰডুবি আৰু ধীৰঘাট অঞ্চল।

পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আসাদ আলী আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলাম নামৰ যুৱক দুজন উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰ দেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৯ জুন ৰাতিপুৱা প্ৰায় চাৰি মান বজাত বহি:ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত কৰ্মৰত ভাবে ট্ৰাক চালক যুৱক দুজন থিতাতে নিহত হয়।

Related Articles