Breaking

বাৰিষাৰ প্ৰথমটো বানত বুৰিল ধেমাজি আৰু চিচিবৰগাওঁ ৰাজহ চক্ৰৰ কেইবাখনো গাওঁ

0 14


অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণ ফলত ফেনে-ফুটুকাই উফন্দি উঠিছে কামিয়া নদীৰ জলপৃষ্ট । ধেমাজিৰ নিলখ আৰু মৰিঢল গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২০ খন গাওঁ বুৰিল কামিয়া আৰু কানি নৈৰ বানত ।

জেংৰাই পৰা ৰংপুৰীয়া সংযোগী পথত পকী কালভাট বহি যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে । কামিয়া নদীৰ বানৰ ফলত নিলখ আৰু মৰিঢল পঞ্চায়তৰ অন্তৰ্গত লুগুটি, কানিবিল ,বেচামৰা, খৰাগড় কল্পনাপুৰ, ন-পাম আদি কৰি কেইবাখনো গাওঁৰ শতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলাইছে ৷ ওখ স্থানত আশ্ৰয় গ্ৰহণ পশুধন সমূহ । ঘৰতে চকীৰ ওপৰত উঠি সময় কটাব লগা হৈছে অঞ্চলবাসীয়ে ।

Leave A Reply