Breaking

বিগত এসপ্তাহ ধৰি নগাঁৱৰ থেকেৰাগুৰি ষ্টেচনৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী বৃদ্ধ…

0 145

নগাঁও জিলাৰ থেকেৰাগুৰি ষ্টেচনৰ পৰা এগৰাকী বৃদ্ধ সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২২আগষ্টৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তি গৰাকী ৭৫ বছৰীয়া চোখাৰী প্ৰসাদ। উল্লেখযোগ্য যে যোৱা ১৯ আগষ্টত লোকজন নিজৰ বাসগৃহ বিহাৰলৈ ফুৰিবলৈ গৈছিল। কিন্তু বিহাৰৰ পৰা উভতি আহোঁতে থেকেৰাগুৰি ষ্টেচনৰ পৰা চোখাৰী প্ৰসাদ নামৰ লোকজন সন্ধানহীন হয়।

ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰো দাখিল কৰিছে। পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে যে যদি কোনো লোকে এই বৃদ্ধজনৰ সন্ধান বিচাৰি পায় তেন্তে ৬২০৭১১৫০৪৯ নম্বৰটোত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.