বিচিচিআই(BCCI)-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে নীৰজ চোপ্ৰাৰ(Neeraj Chopra) জেভলিন, ৯১ লাখ টকাত নিলাম হ’ল লাভলীনাৰ গ্ল’ভছ।

নিৰোজ চোপ্ৰাৰ জেভলিন বিচিচিআই-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে। চোপ্ৰাৰ  উপৰি বিচিচিআইয়ে ভাৰতীয় পেৰালিম্পিক দলৰ  অটোগ্ৰাফ দিয়া এখন  অংগৱস্ত্ৰও ১ কোটি টকাত ক্ৰয় কৰিছে। অৱশ্যে  বিচিচিআইয়ে ক্ৰয় কৰা চোপ্ৰাৰ জেভলিনেই সৰ্বাধিক নিবিদা মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ফেঞ্চাৰ ভৱানী দেৱীৰ তৰোৱাল ১.২৫ কোটি টকাত ক্ৰয় কৰে বিচিচিআই-এ। বিগত বৰ্ষত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগসাক্ষাতৰ সময়ত  অলিম্পিক পদক বিজয়ীসকলে  তেওঁলোকৰ খেলৰ সঁজুলিবোৰ স্মাৰক হিচাপে উপহাৰ দিছিল।

সেই সঁজুলিবোৰ পিছত নিলাম কৰা হৈছিল আৰু ইয়াৰ পৰা লাভ কৰা ধন  ‘নমামি গঙ্গা কাৰ্যসূচী’লৈ প্ৰেৰণ কৰা হৈছিল। মোদীক অৰ্পন কৰা স্মাৰকসমূহত নীৰজ চোপ্ৰাৰ জেভলিনো অন্তৰ্ভুক্ত আছিল। সেই জেভলিনেৰে তেওঁ  টকিঅ’ত অলিম্পিকৰ সোণৰ পদক জিকিছিল।  বিচিচিআইয়ে শেহতীয়াকৈ ১.৫ কোটি টকাত চোপ্ৰাৰ জেভলিন ক্ৰয় কৰে।  অসমৰ লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ  গ্ল’ভছ ৯১ লাখ টকাত ক্ৰয় কৰা হয়। উল্লেখ্য ই-নিলামৰ বাবে ক্ৰীড়া সংগ্ৰহযোগ্য ১৩৪৮ পদ সামগ্ৰী ৰখা হৈছিল। এনে সামগ্ৰীৰ বিপৰীতে মুঠ ৮৬০০ নিবিদা লাভ কৰা হৈছিল। শেহতীয়াকৈ, চোপ্ৰাই টকিঅ’ত অলিম্পিক স্বৰ্ণ জয় কৰিবলৈ ব্যৱহাৰ কৰা জেভলিনটো লাউচেন স্থিত অলিম্পিক সংগ্ৰহালয়লৈ দান কৰিছে।

Related Articles