Breaking

বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ

0 119

ধুবুৰী জিলাৰ আগমনী বিদ্যুত উপ-সংমণ্ডলৰ অন্তৰ্গত কানুৰীত বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ। গুৰতৰ আহত হয় বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায়। ধুমুহা, বৰষুণৰ ফলত আগমনী বিদ্যুত উপ-সংমণ্ডলৰ বিভিন্ন ঠাইত বিদ্যুত সেৱা ব্যাহত হৈ পৰিছিল। কানুৰিত সেই বিদ্যুত ঠিক কৰিব গৈছিল শৰৎ চন্দ্ৰ ৰায়ৰ নেতৃত্বত বিদ্যুত বিভাগৰ এটি দল। দলটি কানুৰী পোৱাৰ লগে লগে প্ৰশান্ত ৰায় নামৰ ব্যক্তিজনে বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

ফলত বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায় নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয় । শৰৎ চন্দ্ৰ ৰায়ক ততাতৈয়াকৈ গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা।

Leave A Reply