Breaking

বিশ্বকাপৰ ফাইনেলক লৈ আহমেদাবাদত পানী নসৰকা নিৰপত্তা বেহু, ৬,০০০ নিৰাপত্তাকৰ্মী মোতায়েন

0 40

দেশ-বিদেশৰ ক্ৰীড়াপ্ৰেমীৰে এতিয়া ভৰি পৰিছে আহমেদাবাদ। সকলোৱে মাথো অপেক্ষা কৰিছে কাইলৈৰ দিনটোলৈ। আহমেদাবাদত এতিয়া হোটেলৰ ছিংগল কোঠা একোটাৰ এনিশাৰ ভাড়া ১লাখ ২৫ হাজাৰ টকা পৰ্যন্ত হৈছে। ইয়াৰ মাজতে বিশ্বকাপৰ ফাইনেলক লৈ আহমেদাবাদত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেশ-বিদেশৰ ভিআইপি/ভিভিআইপিৰ আগমনৰ বাবে তৎপৰ হৈ পৰিছে গুজৰাট চৰকাৰ৷ একেসময়তে আহমেদাবাদ আৰক্ষী আৰু প্ৰশাসন যন্ত্ৰ ব্যস্ত হৈ পৰিছে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাত৷

১৯ নৱেম্বৰত বিশ্ব ক্ৰিকেটৰ দুই মহাশক্তি ভাৰত আৰু পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিতব্য বিশ্বকাপৰ ফাইনেলৰ সময়ত আহমেদাবাদ চহৰ আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত মোতায়েন কৰা হ’ব ৬,০০০তকৈও অধিক নিৰাপত্তাৰক্ষী৷ আহমেদাবাদৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই শনিবাৰে এই তথ্য সদৰী কৰিছে।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে আইচিচি ক্ৰিকেট বিশ্বকাপৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.