Breaking

বিহাৰত অঘটনঃ কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী,নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ভাগি পৰিল মঞ্চ

0 14


বিহাৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাহুল গান্ধী থকা মঞ্চ খন খহি পৰে। উল্লেখ্য ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বিহাৰৰ পাটলিপুত্ৰত ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে হঠাতে খহি পৰে তেওঁ থকা মঞ্চখন ।

সেই সময়ত ইণ্ডিয়া ব্লকৰ অংশীদাৰ আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতী ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত আছিল । তেওঁৰ সৈতে আন নেতা আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত দেহৰক্ষীসকলো আছিল । ৰাহুল গান্ধীকে ধৰি একাংশ নেতা মঞ্চৰ সন্মুখলৈ অহাৰ লগে লগে হঠাতে মঞ্চখন খহি পৰিছিল । এই সময়ছোৱাত দেহৰক্ষীসকলে ৰাহুল গান্ধীক মঞ্চৰ পৰা নামি যাবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেওঁ অস্বীকাৰ কৰিছিল আৰু মঞ্চৰ পৰা সভালৈ অহা লোকসকলক অভিবাদন জনাইছিল ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতীৰ সমৰ্থনত ৰেলী সম্বোধন কৰিবলৈ বিহাৰত উপস্থিত হৈছিল । এই সময়ছোৱাত তেওঁ পাটলিপুত্ৰ লোকসভা সমষ্টিৰ বহু স্থানত ৰেলী সম্বোধন কৰে আৰু মিছা ভাৰতীৰ সমৰ্থনত প্ৰচাৰ চলায় । ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে পাটনা চাহিব লোকসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অংশুল অভিজিতৰ সমৰ্থনত প্ৰচাৰ চলায় ।মঞ্চত ৰাহুল গান্ধীৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ভি আই পি প্ৰধান মুকেশ চাহনী, নেতা দীপংকৰ ভট্টাচাৰ্য, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত মোহন প্ৰকাশ, ৰাজ্যিক সভাপতি অখিলেশ সিঙে মিছা ভাৰতীৰ হৈ প্ৰচাৰ চলায় ।উল্লেখ্য যে পাটনাৰ দুখন লোকসভা আসনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ’ব । পাটলিপুত্ৰ আসনত মুখ্য প্ৰতিদ্বন্দ্বী হৈছে এন ডি এৰ প্ৰাৰ্থী ৰাম কৃপাল যাদৱ আৰু আৰ জে ডিৰ প্ৰাৰ্থী মিছা ভাৰতী ।

Leave A Reply