Breaking

বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান

0 63

বিহু অনুষ্ঠানত অংশ গ্ৰহনক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘটিত দূৰ্ভাগ্যজনক ঘটনাৰ অৱশেষত ওৰ পৰে।আজি পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া মনিষা নাথ, বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰনৱজ্যোতি বৈশ্য ,গাওপ্ৰধান অজয় ডেকা লগতে সদৌ অসম কোচ ৰাজবংশী উণ্ণয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ন দেৱ আৰু অঞ্চল ৰ পাঁচটা সম্প্ৰদায়ৰ লোক ৰ উপস্থিতিত অনুষ্ঠিত সভাত পৰিয়াল কেইটাৰ ওপৰত আৰোপ কৰা কঠোৰ নীতিৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে সমাজ খনে।

লগতে অনাগত দিনবোৰত এনেকুৱা কোনো ধৰণৰ অমানৱীয় নিকৃষ্ট কাণ্ড নকৰাৰ সিদ্ধান্ত ৰে ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগে নাথ সমাজখনৰ ১৯ টা পৰিয়ালক এঘৰীয়া কৰাৰ প্ৰস্তাৱ লোৱা নাথ সমাজৰ নেতাই। উল্লেখ্য যে দৰঙৰ বামুণঝাৰ ত কোঁচ সম্প্ৰদায়ৰ লোকৰ লগত মিলি বিহু পতাৰ অপৰাধত নাথ সম্প্ৰদায়ৰ প্ৰায় ১৯ টা পৰিয়ালক নাথ সমাজে এবছৰৰ বাবে এঘৰীয়া কৰাৰ উপৰিও দহ হেজাৰ টকা জৰিমনা বিহাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.