Breaking

বি বৰুৱা কলেজত আয়োজিত প্ৰজ্ঞাপ্ৰপাত – কুইজ প্ৰতিযোগিতাত এছ বি দেওৰা কলেজৰ শ্ৰেষ্ঠত্ব অৰ্জন

0 35

ঐতিহ্য মণ্ডিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্হাৰ উদ্যোগত আজি প্ৰজ্ঞা প্ৰপাত শীৰ্ষক নৰেন্দ্ৰ কলিতা সোঁৱৰণীএখনি আন্ত: মহাবিদ্যালয় আৰু আন্ত: বিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতাত অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত কুইজ প্ৰতিযোগিতাখনিৰ প্ৰাথমিক ৰাউণ্ডত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ২১টা দলে অংশগ্রহণ কৰে। লিখিত পৰীক্ষাৰে মূল প্ৰতিযোগিতাৰ বাবে ৬টা দলহে নিৰ্বাচন কৰা হয়।
কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতি যোগিতাখনৰ পূৰ্বে বি বৰুৱা কলেজৰ অধ্যক্ষ ড০সত্যেন্দ্ৰ নাথ বৰ্মন, প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি অধ্যাপক জগদীশ গোস্বামী, সম্পাদক ড০ বিজয় গোস্বামী, অধ্যাপক বিমান পাটোৱাৰী, ড০দিগন্ত চৌধুৰী ,সত্যব্ৰত বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে নৰেন্দ্ৰ কলিতাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
সাউদ ভোলানাথ বৰুৱা আৰু বি বৰুৱা মহাবিদ্যালয় সন্দৰ্ভত দুটা বিশেষ ৰাউণ্ডৰ ব্যৱস্হা থকা কুইজ প্ৰতিযোগিতা খনত শ্ৰেষ্ঠত্ব অৰ্জন কৰে গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ শক্তিমান পেগু আৰু পাৰ্থ প্ৰতিম ভৰালুৱাৰ দলে। দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে কটন বিশ্ববিদ্যালয়ৰ মাধুৰ্য মোহন কাশ্যপ আৰু দেৱানীত দত্ত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্থজ্যোতি ভৰদ্বাজ আৰু অনুজ শংকৰ দেৱনাথৰ দলে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ঋত্বিক কৌশিকে আতঁধৰা বঁটা বিতৰণী অনুষ্ঠানত অধ্যাপক জগদীশ গোস্বামী আৰু প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে বিজয়ী দল সমূহক ট্ৰফী আৰু মান পত্ৰ প্ৰদান কৰাৰ লগতে নৰেন্দ্ৰ কলিতাৰ পৰিয়ালৰ হৈ নয়ন মণি হাজৰিকা কলিতা আৰু মেঘালীকলিতাই বিজয়ী সকলক পুৰষ্কাৰৰ ধন প্ৰদান কৰে। উল্লেখ্য যে বিজয়ী দল সমূহক ক্ৰমে ১২,১০ আৰু ৮ হেজাৰ টকাৰ পুৰষ্কাৰ ধন আগবঢ়োৱা হয়।

Leave A Reply

Your email address will not be published.