Breaking

বোকাখাতত আৰক্ষীৰ এনকাউণ্টাৰ, ২৪ ঘণ্টাৰ ভিতৰত শিক্ষকক গুলিবিদ্ধ কৰি কাঢ়ি লৈ যোৱা মটৰ চাইকেল উদ্ধাৰ, দুৰ্বৃত্ত কৰায়ত্ত

0 62

দৈনন্দিন বাৰ্তাৰ সেৱা, বোকাখাত, ১৭ নৱেম্বৰ‍ঃ বৃহস্পতিবাৰে বোকাখাতৰ লতাবাৰীত শিক্ষকক গুলিয়াই বাইক কাঢ়ি নিয়া দুৰ্বৃত্তক আজি আৰক্ষীৰ এনকাউন্টাৰ। ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰে মটৰ চাইকেল, কৰায়ত্ত কৰে দুৰ্বৃত্ত। আৰক্ষীয়ে এনকাউন্টাৰ কৰা দুৰ্বৃত্তটোৰ নাম বাবু শইকীয়া। কালি নিশাৰে পৰা আৰক্ষীয়ে অভিযান চলাই আজি পুৱাৰ ভাগত আগৰাতলীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে বাবু শইকীয়া নামৰ দুৰ্বৃত্তটোক । আৰক্ষীয়ে দুৰ্বৃত্তটোক লৈ পিষ্টল বিচাৰি যোৱাৰ সময়ত অজয় নাথ নামৰ এগৰাকী আৰক্ষীক ঘোচা মাৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলি চালনা কৰে। উল্লেখ্য যে কালি স্কুল ছুটীৰ পাছত মটৰ চাইকেলেৰে ঘৰলৈ ঘূৰি অহাৰ পথত শিক্ষক উদয় চাংমাইক গুলিবিদ্ধ কৰি তেওঁৰ বেগৰ লগতে নতুন বাইকখন লৈ উধাও হৈছেল দুজনীয়া দুৰ্বৃত্ত।ইয়াৰ পাছতে ডিফলু পথাৰৰ ৰজা গাঁৱৰ পুলিন শইকীয়াৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুৰ্বৃত্ত দুটাই ব্যৱহাৰ কৰা পুলিন শইকীয়াৰ পুৰণা বাইকখন। আৰক্ষীয়ে আটক কৰে পুলিন শইকীয়াক। ইয়াৰ পাছতে গোলাঘাটৰ আৰক্ষী অধীক্ষক বোকাখাতলৈ আহি দুৰ্বৃত্তৰ বিৰুদ্ধে তীব্ৰতৰ কৰে অভিযান। নাটকীয়ভাৱে যোৱা নিশা বোকাখাতৰ মিলনপুৰত আহত শিক্ষকজনৰ নতুন বাইকখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। তাৰ পাছতে আজি পুৱা আগৰাতলীত লুকাই থকা অৱস্থাৰ পৰা ধৰি অনা বাবু শইকীয়াক আৰক্ষীয়ে ৰজা গাঁৱলৈ আনি থকাৰ পথতে আৰক্ষীক আক্ৰমনৰ চেষ্টা কৰি পলাই যাবলৈ লওতেই আৰক্ষীয়ে গুলিবিদ্ধ কৰে বাবু শইকীয়াক। বাবু শইকীয়া সম্পৰ্কত পুলিন শইকীয়াৰ খুলশালী। ভৰিত গুলি লগা বাবু শইকীয়াক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দি যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰিছে। কিন্তু আন এটা দুৰ্বৃত্তৰ এতিয়াও সন্ধান পোৱা নাই। চিন্তনীয়ভাৱে বিগত সময়ছোৱাত বোকাখাতত বৃদ্ধি পাইছে চুৰি আৰু ডকাইটিৰ ঘটনা। অৱশ্যে শেহতীয়াকৈ চুৰি হোৱা মটৰ চাইকেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বৃহস্পতিবাৰে দুৰ্বৃত্তই ডকাইটি কৰি কাঢ়ি নিয়া মটৰ চাইকেল গোলাঘাট আৰু বোকাখাত আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ হোৱা আৰু দুৰ্বৃত্ত কৰায়ত্ত হোৱাত বোকাখাতবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু আৰক্ষীৰ এই তৎপৰতাৰ শলাগ লৈছে

Leave A Reply

Your email address will not be published.