Breaking

বোকাখাতত বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত বিশেষ পদক্ষেপ

0 24

বোকাখাতত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত বিধানসভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দনৰ বাবে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ল’লে বিশেষ পদক্ষেপ। এই উদ্দেশ্যে আজি বোকাখাত নাট্য মন্দিৰত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বোকাখাত বিধানসভা সমষ্টিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৮৬ গৰাকী ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনালে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। অভিনন্দন অনুষ্ঠানটোত বোকাখাত বিধানসভা সমষ্টিৰ ৮৬ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি, গামোছা, সম্বৰ্ধনা পত্ৰৰে মৰম যাঁচে। উল্লেখ্য যে ২০১৬ চনৰ পৰা বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। আজি আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ৬৪৫ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৭৪১ কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনায়। প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ ছাত্ৰীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে অনুষ্ঠানত। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কীয় বক্তব্য আগবঢ়ায় বিশিষ্ট লেখিকা, সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ তথা বিশিষ্ট কেৰিয়াৰ গাইড প্ৰীতিমা কৌশিক বৰুৱাই। উল্লেখ্য যে ছাত্র- ছাত্ৰীৰ শৈক্ষিক, ব্যক্তিগত আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্র অসমীয়া আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’ৰ সম্পাদক-প্রকাশক। ২০০৪ চনৰ পৰা এই আলোচনীখন প্রকাশ হৈ আহিছে। মন্ত্ৰী অতুল বৰাই অনুষ্ঠানত নিজৰ ভাষণত কয় যে মোৰ এটা সপোন আছে। বোকাখাতৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, কৃষি পালনৰ দিশত ৰাজ্যখনৰ লগতে বোকাখাতক বৌদ্ধিকভাৱে আগবঢ়াই নি‌য়াৰ এক সপোন আছে। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰো সপোন আছে। ছাত্ৰ ছাত্ৰীৰ ভিজনক বাস্তৱ ৰূপ দিবলৈ এক মিশ্যনৰ প্ৰয়োজন আছে। ইয়াৰ বাবে পৰিশ্ৰম কৰিবই লাগিব।

সফলতাৰ বাট চমু নহয়। কঠোৰ শ্ৰম, একাগ্ৰতা অবিহনে কৃতকাৰ্যতা সম্পূৰ্ণ নহয়। মন্ত্ৰী গৰাকীয়ে অলপতে চোৱা এজন অন্ধ লোকক লৈ নিৰ্মিত কথাছবি এখনৰ উদাহৰণ দি কয় যে এসময়ত আনে ইতিকিং কৰা সেই অন্ধ ব্যক্তি গৰাকী পৰৱৰ্তী জীৱনত বিদেশত শিক্ষা গ্ৰহণ কৰি ভাৰতৰ এগৰাকী আগশাৰীৰ উদ্যোগীত পৰিণত হয়। আনহাতে প্ৰীতিমা কৌশিক বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি দিয়া আকৰ্ষণীয় ভাষণে উপস্থিত সকলোকে অভিভূত কৰি তোলে। ভাষণত পৰামৰ্শদাতা বৰুৱাই উল্লেখ কৰে যে ছাত্ৰ ছাত্ৰী সকলে এই অৱস্থাত কেৱল বাস্তৱমুখী সপোনহে দেখিব লাগে। সেইমতে ল’ব লাগিব সঠিক সিদ্ধান্ত। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ সপোন থাকেই। সেই মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছত লক্ষ্য স্থিৰ কৰি ল’ব লাগে। এক উদাহৰণ দি বৰুৱাই কয় যে পাণ দোকানৰ বাবে টকা আৰু ঘৰ আছে, কিন্তু নাই ব্যৱহাৰিক দক্ষতা। সেয়া শিকি ল’লেই এখন পাণ দোকান চলাব পাৰি। পাণ দোকানতো লাভ আছে, এখন পাণ পাঁচশ টকাতো বিক্ৰী হয়। যিকোনো কাম কৰিবলৈ সুপৰিকল্পিত আঁচনিৰ প্ৰয়োজন। ছাত্ৰ ছাত্ৰী সকলেই বৰ্তমান সকলোতকৈ শক্তিশালী মানুহ। যিকোনো দক্ষতাৰ বাবে এগৰাকী দক্ষ পৰামৰ্শদাতাৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰয়োজন আছে। তদুপৰি আজিৰ তাৰিখত বিভিন্ন নিয়োজনৰ সুবিধা আছে। কিন্তু সকলো চাকৰিমুখী হ’ব নালাগে। দৰমহাৰ আশাত চৰকাৰী চাকৰি কৰাৰ দিন আৰু এতিয়া নাই। আত্মনিৰ্ভৰশীলতাৰ বাবে কষ্ট কৰিবই লাগিব। লগতে ছাত্ৰ ছাত্ৰী সকলে কৰা প্ৰতিটো কামে সমাজক উপকৃত কৰিব লাগিব। আমাৰ ইয়াত কলগছ কুঁহিয়াৰত পানী দিয়াৰ নিয়ম দেখা নাযায়, যাক অসমৰ বাহিৰত দেখা যায়। আমাৰ ৰাজ্যখনো বাহিৰৰ উৎপাদনবোৰেৰে চলিবলৈ লৈছে। ছাত্ৰ ছাত্ৰীয়ে বেয়া কাম কৰিও পাছত শুধৰণি কৰে, কিন্তু তাৰ এক সাঁচ ৰৈ যায় বুলি এক উদাহৰণেৰে ব্যাখ্যা কৰে বৰুৱাই। মৌ-মাখি আৰু ভেনা মাখিৰ উদাহৰণ দি তেওঁ কয় যে মৌ-মাখিয়ে ভালটো আহৰণ কৰে, তাৰ বিপৰীতে ভেনা মাখিয়ে বেয়াটো আহৰণ কৰে। সেইদৰে আমি ভাল, বেয়া নিজে বিবেচনা কৰি চোৱাৰ দৰকাৰ। তেনেদৰে গোটখা খাই পিক পেলোৱাজনকো সতৰ্ক কৰি দিয়াৰ সাহস ছাত্ৰ ছাত্ৰী সকলৰ থাকিব লাগিব। সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই কয় যে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১৩৮৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ আজিৰ অংশগ্ৰহণ দেখি ভাল লাগিছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। লগতে কেৰিয়াৰ গাইড গৰাকীৰ বক্তব্যই ছাত্ৰ ছাত্ৰী সকলক নিশ্চয় উপকৃত কৰিব বুলি মন্ত্ৰী বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। অনুষ্ঠানত অভিনন্দিত ছাত্ৰ ছাত্ৰী সকল, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল, কেইবাটাও ছাত্ৰ সংগঠনৰ নেতা, বহু সংখ্যক সাংবাদিক, শিক্ষানুৰাগী ব্যক্তিৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকল, বিজেপী আৰু অসম গণ পৰিষদৰ বহু কেইগৰাকী নেতা, বহু সংখ্যক আমন্ত্ৰিত গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সহযোগিতাৰ বাবে মন্ত্ৰী অতুল বৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply