Breaking

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

0 24

দীৰ্ঘদিনীয়া আশা প্ৰত্যাশাৰ অন্ত অৱশেষত অসমবাসীয়ে লাভ কৰিলে এক সু-খবৰ । বছৰ বছৰ ধৰি সপোন পোৱা নাছিল সাকাৰৰূপ, যি আশা আছিল এদিন অসমৰ সন্তানে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সন্মান বুটলি আনিব । উল্লেখ্য যে অম্বুবাচী মেলা চলি থকা সময়ছোৱাতে সেই আশাক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকাৰ সময়ত এই খবৰ ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হয় । এক আনন্দ সুখ-সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰে অসম সন্তান ৰিয়ান পৰাগ ।

২০০১ চনৰ ১০ নৱেম্বৰত জন্মগ্ৰহণ কৰা পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাৰ সু-সন্তান
ৰিয়ানৰ ঘৰ গুৱাহাটীত । ২২ বছৰীয়া ৰিয়ানে ক্ৰিকেটৰ কেৰিয়াৰ জীৱন আৰম্ভ কৰিছিল ২০১৬ চনৰ পৰা । ২০১৭ চনত অসম ক্ৰিকেট টীমত যোগদান কৰি ২০১৮ চনৰ ডিচেম্বৰ মাহত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ।‌


শেহতীয়াকৈ ঘৰুৱা ছিজন তথা আইপিএলত দেখুৱাই দিয়া অভিনৱ প্ৰদৰ্শনৰ পিছতেই জাতীয় দলত ৰিয়ান পৰাগৰ নাম অন্তৰ্ভুক্ত হয়। ভাৰতীয় ক্ৰিকেট দলে জিম্বাব’য়েত টি-২০ ক্ৰিকেট শৃংখলাত দলটো অংশগ্ৰহণ কৰাৰ কথা আছে । দলটোত শুভমন গীলক অধিনায়কৰ দায়িত্ব দিয়াৰ কথা যদিও ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ ত বিশ্বকাপ ক্ৰিকেটত খেলি থকা সূৰ্য কুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া উভতি অহাৰ পাছতহে জিম্বাব’য়ে ভ্ৰমণৰ অধিনায়ক নিশ্চিত হোৱাৰ কথা উল্লেখিত হয় ।

এই অনুসৰি ভাৰতীয় দলে জিম্বাব’য়েৰ বিপক্ষে ৫ খন মেচ খেলিব । ৰাজ্যৰ ক্ৰিয়া ক্ষেত্ৰত আনন্দৰ লহৰ তোলা সদ্য সমাপ্ত আইপিএলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ যি অনবদ্য আগবঢ়ালে তাকে লৈ গভীৰ আশাৰে বাট চাই আছিল ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত হ’ব বুলি । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আই পি এলত খেলিব সুবিধা পোৱা আন এগৰাকী অসম সন্তান আবু নেছিম ।

সেই অনুসৰি আইপিএলত খেলিবলৈ পোৱা দ্বিতীয় গৰাকী খেলুৱৈ ৰিয়ান পৰাগে যি খেল দেখুৱাইছিল তাৰ পিছতে ক্ৰিকেট বিশেষজ্ঞ সকলে দৃষ্টি নিবন্ধ ৰাখিছিল। এক সপোন বাস্তবায়িত কৰা ক্ৰিকেটত নাম অন্তৰ্ভুক্ত হোৱা খেলুৱৈ ৰিয়ান পৰাগ অসম ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰিছিল পৰম্পৰাগতভাৱে ক্ৰিকেট প্ৰতিভাৰ শক্তিক্ষেত্ৰ নহয় । কিন্তু ৰিয়ানে বহু বছৰ ধৰি তেওঁৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি আহিছে আৰু বহু দশকত ৰাজ্যখনৰ পৰা ওলাই অহা ক্ৰিকেটৰ অন্যতম উজ্জ্বল সম্ভাৱনা হৈ উঠিছিল সোঁহতীয়া বেটছমেন ৰিয়ানে ।

তেওঁ ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰিছিল; ইয়াৰ আগতে তেওঁক ২০১৬-১৭ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টৰ বাবে বাছনি কৰা হৈছিল আৰু ২০১৭ চনৰ এচিচি অনুৰ্ধ-১৯ এছিয়া কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইফালে নাম অন্তৰ্ভুক্ত হোৱা ক্ৰিকেটৰ দলটোত থাকিব – শুভম গীল(অধিনায়ক),যশভী জয়ছোৱাল,ৰুটুৰাজ গেকট,অভিশেক শৰ্মা, ৰিংকু সিং,সঞ্জু চেমচন(উইকেট কিপাৰ),ধ্ৰুৱ জুৰেল (উইকেট কিপাৰ),নীতিশ ৰেড্ডী,ৰিয়ান পৰাগ, ৱাছিংটন সুন্দৰ,ৰবি বিষ্ণনৈ,আভাষ খান,খলিল আহমেদ,মুকেশ কুমাৰকে ধৰি তুষাৰ দেশ পাণ্ডে ।


আনন্দৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ভাৰতীয় ক্ৰিকেট দলত নাম অন্তৰ্ভুক্ত হোৱা ৰিয়ান পৰাগ‌ আন্তৰ্জাতিক পৰ্যায়তো জিলিকি উঠক তাকে অসমবাসীয়ে কামনা কৰিছে ।

Leave A Reply