Breaking

ভুৱা সহকাৰী কৰ আয়ুক্ত ছিল মহৰ ব্যৱহাৰ কৰি বিভিন্ন যুৱক যুৱতীক টকাৰ বিনিময়ত চাকৰি প্ৰদান !

0 24

ধুবুৰীত ভুৱা সহকাৰী কৰ আয়ুক্ত ছিল মহৰ ব্যৱহাৰ কৰি বিভিন্ন যুৱক যুৱতীক টকাৰ বিনিময়ত চাকৰি প্ৰদান এজন যুৱকৰ।যুৱক যুৱতীক চাকৰিৰ প্ৰলোভন দি বিভিন্ন জনৰ পৰা টকা সংগ্ৰহ কৰি প্ৰদান কৰিলে চাকাৰীত যোগদানৰ অনুমতি পত্ৰ।

ছিল মহৰ চহী জাল কৰি বিভিন্ন জনক প্ৰদান কৰিছিল ডাটা এন্ট্ৰীৰ চাকৰি।

ধুবুৰীৰ সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ত যোগদান কৰিবলৈ গৈ ওলাই পৰে জোলোঙাৰ মেকুৰী।

প্ৰদান কৰা নিযুক্তি পত্ৰ ওলাল ভুৱা।

লগে লগে ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীত চাকৰি প্ৰদান কৰা ৰোহিত দাস নামৰ যুৱক জনৰ বিৰুদ্ধে ভুক্তভোগী সকলে দাখিল কৰিলে অভিযোগ।

অভিযোগৰ ভিত্তিত চলিল আৰক্ষীৰ অভিজান। ধুবুৰীৰ ১৫ নং মিছন ৰোড স্থিত যুৱক জনৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সহকাৰী কৰ আয়ুক্তৰ লগতে অশোক স্তম্ভ থকা কৰ বিভাগৰ সহকাৰী কৰ আয়ুক্তৰ বিভাগৰ তিনিটা কৈ ভুৱা ছিল মহৰ।লগে লগে আটক হয় ৰোহিত দাস নামৰ যুৱকজন , এতিয়া ৰঙা ঘৰৰ আলহী হল এই যুৱক জন।

Leave A Reply

Your email address will not be published.