Breaking

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সম্পৰ্কে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিশেষ সামাজিক মাধ্যম পোষ্ট ।

0 35

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সময়ত শেহতীয়াকৈ কেইবাটাও অঘটন ঘটিছে। কৰবাত ৰেম্পত মটৰ চাইকেল চলাওতে অভিনেতা বাগৰি পৰিছে, কৰবাত বিপজ্জনক ভাৱে নাচিবলৈ গৈ অভিনেত্ৰী তললৈ সৰি পৰিছে। এখন মঞ্চত দেখিলো অভিনেতাই এনিমেল চিনেমাৰ ৰণবীৰ কাপুৰক নকল কৰি এটা ৫০০কেজিৰ বিশালাকাৰ মভেবল মেচিন গান লৈ দপদপাই আছে।


এসময়ত ভবেন্দ্ৰ নাথ শইকিয়া, মুনীন বৰুৱা, হেমন্ত দত্ত, অৰুণ শৰ্মা আদিৰ সংবেদনশীল নাটক লৈ দৰ্শকক আপ্লুত কৰি ৰখা ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেতিয়ানো এনে ষ্টান্ট সংস্কৃতি সোমালহি গমেই নাপালো। এবাৰ মোৰ এটা গল্প লৈ এখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰে নাটক কৰিলে।চাই আহি দুই এজনে কলে- ভালেই লাগিল। নাটকৰ প্ৰথম দৃশ্যতে বোমা ব্লাষ্ট হৈ পুলিচৰ জীপ এখন বহু ওপৰলৈ উৰি গৈছে।মই আচৰিত হলো, মোৰ গল্পটোত এইটো দৃশ্য কেনেকৈ খাপ খাব? ভ্ৰাম্যমাণ থিয়েটাৰখনৰ কৰ্তৃপক্ষই মোক কেইবাবাৰো অনুৰোধ কৰাতো মই মোৰ গল্প আধাৰিত নাটক খন চাবলৈ নগলো।কিবা ভাল নালাগিল।


যতীন বৰা, শ্যামন্তিকা,প্ৰস্তূতি পৰাশৰ আদি গুণী অভিনেতা। তেওঁলোকৰ দ্বাৰা এনে বিপজ্জনক ষ্টান্ট বা গিমিক নকৰালেও মানুহে ভাল নাটক চাবলৈ আহিব। আজিও মই ভাবো অসমত বহু ভাল নবীন নাট্যকাৰ আছে, যি নতুন চিন্তাৰে নতুন কন্টেন্টেৰে মঞ্চ কপাঁই দিব পাৰিব।বলীউড আৰু দক্ষিণী চিনেমা অক্ষম অনুকৰণেৰে দৰ্শকক আৰু কিমান দূৰ ধৰি ৰাখিব, যদি দৰ্শকে চায়ো আৰু কিমান দূৰলৈ যাব থিয়েটাৰ কৰ্তৃপক্ষ? দক্ষিণী চিনেমা বা বলীউডৰ ষ্টান্টৰ লগত কিমান দূৰলৈ ফেৰ মাৰিব ?


মানুহে নাটক চাবলৈ গৈ চাৰ্কাছ কিয় চাব? এনে বিজতৰীয়া শৈলীৰ নাটকেৰে নাট্যপ্ৰেমীৰ ৰুচিবোধকে উপলুঙা কৰা হোৱা নাই জানো??

Leave A Reply

Your email address will not be published.