Breaking

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি

0 39

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি কেলেংকাৰী সন্দৰ্ভত চিকিৎসালয় খনৰ গাননিক ভবেন ডেকাক আৰক্ষীয়ে আটক কৰে। চিকিৎসালয় খনত কেলেংকাৰী সন্দৰ্ভত দৰঙৰ অতিৰিক্ত আয়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল।

মঙলদৈ সদৰ আৰক্ষীয়ে অতিৰিক্ত আয়ুক্তৰ গোচৰৰ ভিত্তিত ঘটনাৰ তদন্তৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছে। যদিও ন্যায়ালয়ে কেইদিনৰ জিম্মাত দিয়ে সেয়া লক্ষণীয় হ’ব। ইপিনে চিকিৎসালয়খনত কোটি কোটি টকাৰ কেলেংকাৰী হল যদিও এগৰাকী সাধাৰণ গাননিকক গ্ৰেপ্তাৰ কৰিয়ে বিভাগীয় বৰমচৰীয়া সকল হাত সাৰিবৰ এয়া প্ৰচেষ্টা বুলি তাপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তই।

উল্লেখযোগ্য যে চিকিৎসালয় খনত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত বিভিন্ন শিতানত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি। উক্ত দুৰ্নীতি সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তইয়ো মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল লিখিত অভিযোগ।
লগতে চিকিৎসালয় খনত সংঘটিত হোৱা আয়ুষ্মান আঁচনিৰ লগতে কায়কল্পৰ পুৰস্কাৰৰ নামত অহা ধনৰ ক্ষেত্ৰত হোৱা বিয়াগোম দুৰ্নীতি সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰিছিল।
অৱশ্যে লক্ষ্য লক্ষ্য টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো একমাত্ৰ এগৰাকী গাননিকক হে গ্ৰেপ্তাৰ কৰাকলৈ আক্ষেপ প্ৰকাশ কৰে।
লগতে পুথি খলিহনা ধৰি ৰৌ বৰালীক এৰি দিয়া হব নেকি বুলিও সন্দেহ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আটক কৰা গাননিক ভবেন ডেকাক Mangaldai P/S Case no 147/24 U/S 406/408/409/420 IPC. ধাৰাত গোছৰ ৰুজু কৰে আৰক্ষীয়ে।

মঙলদৈ থানাত ৰুজু হোৱা ১৪৭/২৪ নং গোচৰত দণ্ডবিধি আইনৰ ৪০৬/৪০৮/৪০৯ আৰু ৪২০ ধাৰাত ডেকাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় আৰু আৰক্ষীয়ে ৫ দিনৰ জিম্মাৰ আবেদন দাখিল কৰে। আদালতলৈ লৈ যোৱা অৱস্হাত খোদ ভৱেন ডেকাই অনকেমেৰা বিত্তীয় খেলিমেলিৰ বাবে কৰায়ত্ব কৰা বুলি স্বীকাৰ কৰে। আনহাতে, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমৰ সমুখত কয় যে, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তত প্ৰায় ৫ কোটি ২৩ লাখ টকাৰ খেলিমেলি প্ৰাথমিক তদন্তত ওলাই পৰিছে। আয়ুক্ত গোপাল শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মঙলদৈ থানাত গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু, আৰক্ষীয়ে দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনত যদি দুৰ্ণীতিৰ গোন্ধই পাইছিল, তেন্তে দুৰ্ণীতি নিবাৰক আইন, ১৯৮৮ৰ কোনো ধাৰা সন্নিৱিষ্ট নোহোৱাৰ ৰহস্য কি ? একেদৰে কেৱল এই বিশাল ৰাশিৰ ধনৰ খেলিমেলি কেৱল গাণনিক পৰ্যায়তে হৈছিল নে ? একাধিক কৰ্মচাৰী বিষয়া জড়িত নাথাকিলে ভৱেন ডেকাই কেনেকৈ ৫ কোটিৰ খেলিমেলি কৰিব সাহস কৰিব। কিন্তু, দণ্ডবিধি আইনৰ ৩৪ ধাৰাও সংযোগ কৰা হোৱা নাই। স্বাভাৱিকতে, প্ৰশ্ন উঠিছে, ইমান বিশাল ৰাশি চৰকাৰী ধনৰ খেলিমেলিৰ পাছতো মঙলদৈত ‘সাপো মৰক, লাঠীও নাভাঙক’ কৌশল অৱলম্বন কৰা হৈছে নেকি ? শেহতীয়াভাৱে প্ৰাপ্ত খবৰ অনুসৰি, গাণনিক ভৱেন ডেকাক আদালতে ৫ দিনৰ পৰিৱৰ্তে ৩ দিনৰ আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰিছে।

Leave A Reply