Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

0 20

পদাধিকাৰ, আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক উষ্ম সম্বৰ্দ্ধনা

নগাঁও, ৭ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক আজি সংঘ আৰু বিশ্ববিদ্যালয় পৰিয়ালে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লিডাৰ ২০২৪ সন্মান লাভ কৰি গৌৰৱান্বিত কৰাৰ উপলক্ষতেই ভবেন্দ্ৰনাথ ডেকাক আজি এইদৰে বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, দ্য একাডেমিক ইনচাইট মেগাজিনে শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভৱেন্দ্ৰনাথ ডেকালৈ এই সন্মান আগবঢ়াইছে ৷ ভাৰতবৰ্ষৰ ২৫ খন বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ আজি বিশ্ববিদ্যালয়ৰ সভাকক্ষত ১২ বজাৰ পৰা আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ সমন্বয়ক কুশল ঠাকুৰীয়াই ৷ ইয়াৰ পিছতে ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, নৱ নিযুক্ত পঞ্জীয়ক ড° শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোনোৱাল, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, দৈনিক অসম কাকতৰ মুখ্য সম্পাদক ড° হিতেশ ডেকা, ট্ৰাষ্ট সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদকদ্বয়, শিশু আই মাতৃ কল্যাণ সমিতিৰ বিষয় ববীয়াৰ লগতে নগাঁও, মৰিগাঁও, চৰাইদেউ, হাজো, গোলাঘাট, নাজিৰা, ধেমাজী জিলাৰ লগতে বিভিন্নখন আঞ্চলিক, প্ৰাথমিক শাখাৰ সংগীবৃন্দ তথা বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্নজন বিদ্বান ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.