মাজবাটত ভয়ংকৰ ঘটনা: ধনশ্ৰী নদী পাৰ হ’বলৈ গৈ স্বামী – স্ত্ৰীৰ সলিল সমাধি

ওদালগুৰি জিলাৰ মাজবাটৰ লালপানী আৰক্ষী চকী এলেকাৰ দলনি বস্তি নিবাসী জিতেন গোঁড় (৫০) আৰু তেওঁৰ পত্নী শান্তি গোঁড়ে (৪০) কালি আবেলি ধনশ্ৰী নদী পাৰ হ’বলৈ ধৰোঁতে নৈখনৰ কোবাল সোঁতে উটুৱাই নিয়াত স্বামী- স্ত্ৰী দুয়োৰে সলিল সমাধি হয়। জানিব পৰামতে কালি পুৱা ১১ মান বজাত মাজবাটৰ অসম-অৰুণাচল সীমান্তবৰ্তী দলনি বস্তি গাঁৱৰ নিবাসী জিতেন গোঁড় আৰু তেওঁৰ পত্নী শান্তি গোঁড়ে ঘৰৰ পৰা চিকাৰীদাঙালৈ বজাৰ কৰিবলৈ ওলাই যায়। সন্ধিয়ালৈ স্বামী – স্ত্ৰী দুয়ো ঘৰলৈ উভতি ন’হাত পৰিয়ালৰ লোকে গাঁৱৰ ওচৰে – পাজৰে বিচাৰ – খোচাৰ কৰে যদিও নিশালৈ জিতেন গোঁড় আৰু তেওঁৰ পত্নী শান্তি গোঁড়ৰ কোনো সন্ধান নাপায় ৰাতিপুৱা পুণৰ তেওঁলোকক বিচাৰি যায়। আজি দিনৰ ১০ মান বজাত স্থানীয় লোকে চিকাৰীদাঙা অঞ্চলটোৰ সমীপত ধনশ্ৰী নদীৰ পাৰত পৰি থকা অৱস্থাত দুটা মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে লালপানী আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱা মাত্ৰে ততালিকে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ দুটা চমজি লৈ মাজবাট আৰক্ষী থানা লৈ আহে আৰু ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষা কৰাই আবেলি পৰিয়ালৰ লোকক চমজায় দিয়ে। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে স্বামী – স্ত্ৰী দুয়ো ধনশ্ৰী নদী পাৰ হ’বলৈ গৈ নৈখনৰ সোঁতত উটি যোৱা বুলি সন্দেহ ব্যক্ত কৰিছে । দুয়োৰে মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Articles