Breaking

মাজুলীত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মেগা স্বাস্থ্য শিবিৰ

0 26

দৈনন্দিন বাৰ্তাৰ সেৱা, গড়মূৰ,১৫ জুলাই: মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত উজনি মাজুলীৰ ৰতনপুৰ লাহন আয়ুষ্মান আৰোগ্য মন্দিৰ,ন-পমুৱা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ভ্ৰাম্যমাণ স্বাস্থ্য গোট (মাজুলী)ৰ সহযোগত মাজুলীৰ ৰতনপুৰ অঞ্চলৰ ১১৪ নং নিকিনিখোৱা প্ৰাথমিক বিদ্যালয়ত মেগা স্বাস্থ্য কেম্প সম্পন্ন কৰে।

মাজুলী জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চল সমূৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই মেগা স্বাস্থ্য শিবিৰত ১২০ ৰো অধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।৩৫ বছৰৰ ওপৰৰ ৰোগীৰ প্ৰথমে ৰক্তচাপ আৰু মধুমেহ ৰোগ পৰীক্ষা কৰি দেখা দিয়া লক্ষণ অনুসৰি ৰোগী সকলক বিভাগীয় অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰাৰ উপৰিও ৰোগী সকলৰ পৰা মেলেৰিয়া ৰোগৰ পৰীক্ষণৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয়।

Leave A Reply

Your email address will not be published.