মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভ

মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভ অনুষ্ঠানত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী : “আউনীআটী বিশ্ববিদ্যালয়ে ছাত্র-ছাত্ৰীক একাডেমিক শিক্ষাৰ লগতে আধ্যাত্মিক চিন্তাও দিবলৈ যত্ন কৰিব”

আগন্তুক ১১ জুনৰ পৰা বিশ্ববিদ্যালয়ৰ চলিত শিক্ষা বৰ্ষৰ স্নাতকোত্তৰ, গৱেষণা, স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা ঘোষণা সমাজৰ চলি থকা সোঁতৰ বিপৰীতে কেৱল নিজস্ব ভাৱে আউনীআটী বিশ্ববিদ্যালয় আগবাঢ়িব নোৱাৰে। আউনীআটী বিশ্ববিদ্যালয়েও একাডেমিত শিক্ষা প্ৰদান কৰিব। কিন্তু সু-উচ্চ ডিগ্ৰী দিয়াৰ সমান্তৰালভাৱে আউনীআটী বিশ্ববিদ্যালয়ে এজন ছাত্ৰক এগৰাকী অন্তৰ্নিস্থ মানুহ গঢ়াত গুৰুত্ব দিব যি আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা ওলাই গৈ এখন সুন্দৰ প্ৰকৃত ঘৰ গঢ়াত, সুন্দৰ সমাজ তৈয়াৰ কৰাৰ কামত নিয়োজিত হব পাৰে আৰু সেই লক্ষ্য আৰু উদ্দেশ্য লৈয়েই আউনীআটী বিশ্ববিদ্যালয় আগবাঢ়িব। আজি আউনীআটী বিশ্ববিদ্যালয়ৰ মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ গায়ন শৈলী, বায়ন আৰু নৃত্য শৈলীৰ পাঠদানৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়। মাজুলী আউনীআটী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত ভাষণ ৰাখি তেওঁ আৰু কয় যে আউনীআটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যি বিষয়তেই অধ্যয়ন নকৰক কিয় প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ মূল্যবোধৰ শিক্ষাৰ আধাৰত তৈয়াৰ কৰা বাধ্যতামূলক এটা বিষয় অধ্যয়ন কৰিবই লাগিব বুলি উল্লেখ কৰে। কিয়নো বৰ্তমান সময়ত সু উচ্চ ডিগ্ৰী লাভ কৰিছে, ব্যক্তিয়ে কৰ্মৰো সন্ধান পাইছে, প্ৰতিষ্ঠিত ব্যক্তি হৈছে কিন্তু তাৰ পিছতো সেই উচ্চ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আতৰি গৈ কোনো কৰ্তব্যত ব্ৰতী হৈছে। বিশ্ববিদ্যালয় বা বাকী শিক্ষানুষ্ঠানে উচ্চ ডিগ্ৰী প্ৰদান কৰিছে ঠিকেই কিন্তু তাৰ পিছতো সেই শিক্ষানুষ্ঠানৰ পৰা ওলাই যোৱাৰ পিছত যদি তাত অধ্যয়ন কৰা লোক বিপথে যায় তেনে ক্ষেত্ৰত সেই শিক্ষানুষ্ঠান খনৰো একপ্ৰকাৰে সাৰ্থকতা নোহোৱাৰ দৰেই হয় বুলি তেওঁ উল্লেখ কৰে।


তেওঁ কয় যে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ তথা লাগতিয়াল সম্পদ ধৰ্মৰ প্ৰতি থকা যথোপযুক্ত শ্ৰদ্ধা আৰু আধ্যাত্মিক চিন্তাক মস্তিষ্কৰে নহয় অন্তৰেহে যিহেতু ধৰি ৰাখিব পাৰি
গতিকে আউনীআটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীকো মন মগজু হৃদয়ত ক্ৰিয়া কৰাকৈ একাডেমিক শিক্ষাৰ লগতে আধ্যাত্মিক চিন্তাও দিবলৈ যত্ন কৰিম বুলি উল্লেখ কৰে। আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহ আঢ্যৱন্ত হব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে। আচাৰ্য তথা সত্ৰাধিকাৰ গৰাকীয়ে ভাষণ প্ৰসংগ কয় যে
আউনীআটী বিশ্ববিদ্যালয় খন স্থবিৰ নহয় এখন গতিশীল বিশ্ববিদ্যালয় হ’ব। মাজুলীৰ উপৰিও অসম বিভিন্ন প্ৰান্তত এই বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ ইতিমধ্যে যো-জা অব্যাহত আছে। উত্তৰ গুৱাহাটীত শাৰীৰিক শিক্ষা বিভাগ স্থাপনৰ প্ৰক্ৰিয়া লোৱা হৈছে। ডিব্ৰুগড়ত টি’ প্ৰডাকচন এণ্ড মেনেজমেণ্ট স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে মৰাণটো বয়ন তথা চিত্ৰ শিল্পৰ চাৰ্টিফিকেট পাঠ্যক্ৰম খোলাৰ চেষ্টা কৰা হৈছে।

বৰ্তমানে এনেদৰেই বিশ্ববিদ্যালয় খনে গতিশীলতা লাভ কৰি আগন্তুক ১১ জুনৰ পৰা বিশ্ববিদ্যালয়ৰ বিশেষকৈ অসমীয়া, সমাজশাস্ত্ৰ পৰিৱেশ্য কলা আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ, Humanities আৰু Social Sciences ( Interdisciplinary )ৰ পিএইছডি পাঠ্যক্ৰম আৰু টী এগ্ৰ’ এণ্ড মেনেজমেণ্ট আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ হ’ব বুলিও সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে। সত্ৰাধিকাৰ তথা আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামী , ডেকাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰথমে অধ্যয়ন কেন্দ্ৰৰ সমল ব্যক্তি সকলে ‘মধু দানৱ দাৰণ দেৱ বৰং….’টোটয় পৰিৱেশন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে কয় যে সত্ৰৰ সত্ৰীয়া পৰম্পৰাৰ এটা মিছনেৰী শিক্ষা হব লাগে আৰু এই শিক্ষা আৰম্ভ কৰিব পাৰিব আউনীআটী সত্ৰইহে। শেহতীয়াকৈ আউনীআটী সত্ৰই আধ্যাত্মিকতাৰ লগত বৌদ্ধিকতাক প্ৰধান্য দি সমাজৰ ব্যৱহাৰ যোগ্য নাগৰিক তৈয়াৰ কৰাৰ কাৰ্য্যৰ যি মিছন লৈছে সেই মিছন সফল হোৱাৰ ক্ষেত্ৰত তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে সকলোৰে পৰা সহযোগিতা কামনা কৰে। অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° প্ৰকাশ জ্যোতি বৰঠাকুৰে কয় যে আউনীআটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যাৱতীয় সকলো অনুমতি লাভ কৰাৰ লগতে শেহতীয়াকৈ অনুদান আয়োগে প্ৰায়বোৰ ডিগ্ৰী, ডিপ্লমা, চাৰ্টিফিকেট পাঠ্যক্ৰমটো অনুমোদন জনাইছে। সেই অনুসৰি আগন্তুক ১১ জুনৰ পৰা বিশেষকৈ বিশ্ববিদ্যালয়ৰ টীয়ক কলিয়াপানী স্থিত মূল চৌহদৰ বাবে আউনীআটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত আনুষ্ঠানিকভাৱে সপোনৰ বিশ্ববিদ্যালয় খনৰ চলিত শৈক্ষিক বৰ্ষৰ অসমীয়া, সমাজশাস্ত্ৰ পৰিৱেশ্য কলা আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ, Humanities আৰু Social Sciences ( Interdisciplinary )ৰ পিএইছডি পাঠ্যক্ৰম আৰু টী এগ্ৰ’ এণ্ড মেনেজমেণ্ট আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ নামভৰ্তিৰ অনলাইন প্ৰক্ৰিয়াও আৰম্ভ হ’ব বুলি উল্লেখ কৰে। আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য কাৰ্যালয়ৰ সচিব তুলসী ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া উপস্থিত থাকি বক্তব্য ৰাখে। আউনীআটী সত্ৰৰ ডেকাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, লোহিত বৰা, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জিতেন ডেকা, মুনিন্দ্ৰ ভূঞাকে ধৰি বহুকেইখন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিৰ পিছতেই আনুষ্ঠানিক ভাৱে শ্ৰেণী কোঠাত পৰিৱেশ্য কলাৰ অধ্যয়ন কেন্দ্ৰৰ সমলৰ ব্যক্তি ক্ৰমে মুহিকান্ত বৰা বৰবায়ন, গোলাপ বৰুৱা বৰবায়ন, গোৱিন বৰা ওজা, ৰঞ্জিত কুমাৰ ভূঞা আৰু ইন্দ্ৰেশ্বৰ নাথে পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান আগবঢ়ায়। পাঠদানৰ প্ৰাক মুহূৰ্তত শ্ৰেণী কোঠাতে গৈ বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামী, উপাচাৰ্য ড° ডম্বৰুধৰ নাথ, পঞ্জীয়ন প্ৰকাশ জ্যোতি বৰঠাকুৰ আৰু মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

Related Articles