মাৰোৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ দুদিনীয়া ইনড’ৰ গেমছ প্ৰতিযোগিতাৰ সফল সামৰণি

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত সমাজৰ শিশু আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ সম্ভাৱনাক দৃষ্টি ত ৰাখি মাৰৱাড়ী সন্মিলনৰ গুৱাহাটী শাখাৰ উদ্যোগত দুদিনীয়া ইনড’ৰ গেমছ ২০২৪ সফলতাৰে অনুষ্ঠিত হৈ যায়। স্বৰ্গীয় দীনদয়াল সিংহানিয়াৰ স্মৃতিত নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিভিন্ন শিতানত ( ইভেন্ট)আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতাত মাৰৱাড়ী সমাজৰ শিশু, যুৱক-যুৱতী, মহিলা আৰু জ্যৈষ্ঠ সকলেও অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজন কৰা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা গেমছৰ মুখ্য পৃষ্ঠপোষক , মুখ্যঅতিথি অমিত সিংহানিয়াই নিজৰ উদ্বোধনী ভাষনত শ্ৰী সিংহানিয়াই মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ অনুষ্ঠানে সমাজৰ খেলুৱৈক নিজৰ প্ৰতিভা দেখুৱাবলৈ এক মঞ্চ প্ৰদান কৰিছে ।


এই উপলক্ষে শাখাৰ সভাপতি শংকৰ বিৰলা, প্ৰাদেশিক সাধাৰণ সম্পাদক বিনোদ লোহিয়া, মণ্ডলীয়ৰ সহ-সম্পাদক মাখানলাল আগৰৱাল, কাৰ্যসূচী সমন্বয়ক প্ৰবীণ ডাগা, শাখা সম্পাদক অশোক ছেঠিয়াইও নিজৰ মতামত প্ৰকাশ কৰি অনুষ্ঠানটোক সফল আৰু অৰ্থপূৰ্ণ বুলি অভিহিত কৰে। প্ৰতিযোগিতা সমাৰোহত গুৱাহাটী শাখাৰ উপদেষ্টা পিতৰাম কেডিয়া, মহেশ্বৰী সভাৰ সভাপতি সীতাৰাম বিহানী, বৰপেটা শাখাৰ সম্পাদক প্ৰমোদ আগৰৱালাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পিছতে শাখাটোৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰদীপ ভুৱাল্কাই পুৰস্কাৰ বিতৰণ অনুষ্ঠান পৰিচালনা কৰাৰ সময়তে লুডো, ডাৰ্ট, আৰ্ম ৰেছলিং, চেছ, কেৰম, টেবুল টেনিছ আৰু বেডমিণ্টনত বিজয়ী আৰু ৰানাৰ্ছ আপৰ নাম ঘোষণা কৰে। প্ৰতিযোগিতাসমূহত ১৫ বছৰৰ তলৰ আৰু ১৫ বছৰৰ ওপৰৰ দুটা ভাগত ভাগ কৰা হৈছিল: পুৰুষ-মহিলা (একল), পুৰুষ-মহিলা (ডাবল)। গুৱাহাটীৰ উপৰি যোৰহাট, বোকাখাত, তিনিচুকীয়া, মঙলদৈ, হোজাই, নগাঁও আদি ঠাইৰ পৰা ৩৫০ জনতকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে যিয়ে অনুষ্ঠানটোৰ সফলতাৰ বিষয়ে বহু কথাই কয়।
শাখা প্ৰচাৰ সম্পাদক নৰেন্দ্ৰ ছোনীয়ে জনোৱা মতে বিজয়ী আৰু ৰানাৰ্ছ আপ সকলোকে ট্ৰফী প্ৰদান কৰা হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন অংশগ্ৰহণকাৰীক উপহাৰ হিচাপে প্ৰমাণপত্ৰ আৰু একোটাকৈ জাৰ্চি প্ৰদান কৰা হয়। এই উপলক্ষে গৌৰৱ শিভোটিয়াৰ সমন্বয়ত মাতৃ দিৱস উপলক্ষে আয়োজন কৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলকো ট্ৰফী প্ৰদান কৰি সন্মানিত কৰা হয়।
শাখাৰ কোষাধ্যক্ষ সুৰজ সিংহানিয়াই কয় যে প্ৰতিযোগিতাৰ সহযোগী সমন্বয়ক সুৰেন্দ্ৰ লাদ্ধা, বিবেক সংগনেৰিয়া, বিকাশ আগৰৱালা আৰু প্ৰদীপ পাটনীৰ তত্বাৱধানত আয়োজিত দুদিনীয়া ইনড’ৰ গেমছ, উপ-সভাপতি মহেন্দ্ৰ মিট্টল, প্ৰাক্তন সভাপতি সংৱৰমল আগৰৱাল, যুটীয়া সম্পাদক সঞ্জীত ধূত, সহ কোষাধ্যক্ষ বিকাশ জৈন, প্ৰভাশ পৌদ্ধাৰ, ৰাহুল লোহিয়া, সমিত চাৰাফ আদি সদস্যৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাই তৃতীয়বাৰৰ বাবে আয়োজন কৰা ইনড’ৰ গেমছ প্ৰতিযোগিতা দুদিনীয়াকৈ কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰীয়ে আন্তৰিকতাৰে শলাগ লৈ আৰু প্ৰতি বছৰে এই অনুষ্ঠানটো পাতিবলৈ আয়োজক মণ্ডলীক অনুৰোধ কৰে।

Related Articles