মাৰ্ঘেৰিটা, ৭ মাৰ্চ: International Women’s Day । আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন উপলক্ষে মাৰ্ঘেৰিটাৰ নিউ কলনীৰ চাও চেং ৰৌণ খেলপথাৰত বৃহত্তৰ বৰগোলাই নাৰী সমাজৰ উদ্যোগত দুদিনীয়া বনাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে।
আজিৰ কাৰ্যসূচী অনুসৰি বিশিষ্ট মহিলা সমাজকৰ্মী ৰঞ্জু বৰুৱা চেতিয়াই পতাকা উত্তোলন কৰে। তাৰ পিছতে বিনু বৰুৱাই স্মৃতি-তৰ্পণ কৰে। উদ্বোধনী অনুষ্ঠানত কৃষ্ণাশ্ৰী গগৈয়ে মহিলাসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।
উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে যে বঁটা বিতৰণী অনুষ্ঠান আৰু মুকলি সভাৰ মাধ্যমেৰে এই দুদিনীয়া নাৰী দিৱস উদযাপনৰ সামৰণি কৰা হ’ব। নাৰী শক্তিক আগবঢ়াই অনাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।