Breaking

মাৰ্ঘেৰিটাত বান পৰিস্থিতিৰ বুজ লয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

0 19

তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বান প্ৰভাবিত কেবাটাও অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়।

নিজ মাকুম প্ৰাথমিক বিদ্যালয়, মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয়, গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়, আলুবাৰী, মনমৌমুখ প্ৰাথমিক বিদ্যালয়, টিৰাপমুখ প্ৰাথমিক বিদ্যালয়, নামফাই প্ৰাথমিক বিদ্যালয় আদিত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

বান দুৰ্গতসকলক সাহায্য প্ৰদানত কোনো কাৰণতে হীন-দেৰী যাতে নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনৰ সকলো বিষয়াকে এই জটিল সময়চোৱাত নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়।

Leave A Reply