Breaking

মিচিং স্বায়ত্তশাসিত পৰিোষদত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন

0 17

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৬ আগষ্টঃ সমগ্ৰ দেশৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদেও বৃৃৃহস্পতিবাৰে বৰ্ণিল কাৰ্যসূচীৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয় ৷ ধেমাজি জিলাৰ গোগামুখস্থিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ পতাকা উত্তোলন কৰি তেওঁ দেশৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ আহুতি দিয়া দেশৰ বীৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰে আৰু দেশৰ বীৰ শ্বহীদসকলক নতুন প্ৰজন্মই সন্মানসহকাৰে হৃদয়ত জীয়াই ৰাখিব লাগে বুলি আহ্বান জনায় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলানি উন্নয়নমুখী আঁচনিৰ খতিয়ান ডাঙি ধৰি তেওঁ লগতে কয়- পৰিষদৰ ফালৰ পৰা সকলোধৰণৰ উন্নয়নমূলক কাম ৰূপায়ণ কৰি থকা হৈছে ৷

পৰিষদে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমানে সুবিধা দিয়াৰ বিপৰীতে অসমৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত উন্নয়নমুখী আঁচনি ৰূপায়ণ কৰিছে ৷ শৈক্ষিক, ক্ৰীড়া, জীৱন-জীৱিকা, মীন পালন স্কিল ডেভেলপমেণ্টত  পৰিষদে অধিক গুৰুত্ব আৰোপ কৰিছে ৷ বিদ্যালয় গৃহ নিৰ্মাণ, পকী দেৱাল নিৰ্মাণ, শ্ৰেণী কোঠা নিৰ্মাণ, খেলপথাৰ উন্নয়ন, বিভিন্ন সামগ্ৰী প্ৰদান আদি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য, জলপানি আদিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে উচ্চ শিক্ষা গ্ৰহণ কৰি থকাসকলৰ বাবেও জলপানি দি আহিছে ৷ ক্ৰীড়াক্ষেত্ৰত পুৰুষ আৰু মহিলাক সমানে গুৰুত্ব দিয়া হৈছে ৷ পৰিষদে প্ৰতিবছৰে পুৰুষ আৰু মহিলাৰ ফুটবল খেল অনুষ্ঠিত কৰি আহিছে ইয়াৰ পৰা ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ বাবে বহিঃ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰে বহুকেইগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল ভাল ক্লাবৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত খেলি আছে ৷

একেদৰে এথ্‌লেটিক আৰু পেঞ্চাক চিলাট পৰিষদে প্ৰশিক্ষণ দিয়া খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।  পৰিষদে  খেলুৱৈসকলৰ অভাৱৰ জোৰা মাৰিবলৈ খেলুৱৈসকলক আৰ্থিক সাহায্য আৰু জলপানি দি অহা হৈছে ৷ মীন পালনৰ ক্ষেত্ৰত পৰিষদে বহু সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰি আহিছে ৷ পৰিষদৰ অন্তৰ্গত মীন পালকসকলক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি সফল মীনপালক সকলক এককালীন আৰ্থিক সাহায্য দি মীনপালৰ প্ৰতি সাধাৰণ জনতাক আকৰ্ষিত কৰি তোলা হৈছে ৷ সমন্বিত কৃষিপামৰ ক্ষেত্ৰতো পৰিষদে বিশেষভাৱে গুৰুত্ব দি গ্ৰামাঞ্চলত কৃষি বিপ্লৱৰ সূচনা কৰিছে ৷ স্কিল ডেভেলপমেণ্টৰ বাবে গোগামুখত পৰিষদে নিজাববীয়াকৈ স্কিল ডেভেলপমেণ্টৰ স্কুল প্ৰতিষ্ঠা কৰি ইতিমধ্যে পাঠদান দিয়া কাৰ্যসূচী আৰম্ভ কৰাই নহয় স্কিল ডেভেলপমেণ্ট স্কুলখনৰ পৰা ৩০-২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বহিঃৰাজ্যত কৰ্ম সংস্থাপন লাভ কৰিছে বুলি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে দোহাৰে ৷ ইয়াৰ পূৰ্বে পুৱা ৯–৩০ বজাত শ্বহীদ তৰ্পণ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ ১১ বজাত গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক নৃত্য পৰিৱেশন কৰে ৷ দুপৰীয়ৰ ১২ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা,  পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাং, বিজু পেগু, ইন্দিৰা চিন্তে, ভৱানী দুৱৰা, প্ৰশান্ত বড়ি প্ৰমূখ্যে পৰিষদৰ সাধাৰণ সদস্য, স্থানীয় জেষ্ঠ ব্যক্তি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে ৷

Leave A Reply

Your email address will not be published.