মৃত্যু কিদৰে শিল্প? অংশ ল’বলৈ গৈছিল মাতৃৰ শেষকৃত্যত। কিন্তু প্ৰান হেৰুৱালে দুৰ্ভগীয়া জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) পতিত হৈ প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

এক শোকাৱহ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হৈছে মধ্যপ্ৰদেশৰ (Madhyapradesh) বেতুলত। মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে। মৃত কন্যাৰ নাম ছায়া কাৰাডে।

জানিব পৰা অনুসৰি ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰাডেৰ (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটিছিল। মাতৃৰ মৃত্যুৰ পিছত শেষকৃত্যত অংশ ল’বলৈ শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে বুলি ভূপালৰ পৰা ছিণ্ডৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল।

কিন্তু আদবাটতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত তেওঁলোকৰ বাহন সম্পূৰ্ণৰূপে চূৰমাৰ হৈ যায়। এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত ছায়া কাৰাডেৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে। আনহাতে তেওঁ সম্পৰ্কীয় ভাতৃয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে।

Related Articles