Breaking

মৃদঙীয়া গায়ন বায়ন সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূর্ণ সভা

0 19

ৰাজ্যৰ কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱনৰে এক অপূর্ব সাংস্কৃতিক পৰিচয় জড়িত হৈ থকা মৃদঙীয়া লোক কৃষ্টিৰ নিয়মিত চৰ্চা, সংৰক্ষণ, সংবৰ্দ্ধনৰ লগতে ইয়াৰ বিজ্ঞান সন্মত উত্তৰণৰ বাবে মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে উদ্যোগ হাতত লৈছে।


এই উদ্দেশ্যে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ বিষয়ববীয়া সকলৰ উপস্থিতিত জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।


সভাত ক্ৰমে লুপ্ত হ’ব ধৰা এই সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ওপৰত বিশেষভাবে আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰায় ১১টামান শৈলী থকা মৃদঙীয়া গায়ন বায়নৰ পৰম্পৰাক নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে অহা ডিচেম্বৰ মাহত ৰাজ্যৰ ১০ খন জিলাত পৰীক্ষা মূলক ভাৱে বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।


অৱশ্যে এই সন্দৰ্ভত মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সদস্যৰ অন্তর্ভুক্তিৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিবৰ অধ্যক্ষতাত গঠন হ’ব লগা এখন সমিতিৰ পৰামৰ্শ তথা প্ৰতিবেদনৰ ভিত্তিত এই সন্দৰ্ভত নীতি নিয়ম স্হিৰ কৰা হ’ব।


বৈষ্ণৱ সংস্কৃতিৰেও সম্পৃক্ত দেৱ বাদ্য মৃদঙীয়া গায়ন বায়ন পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দিশত সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা এই ব্যৱস্থাৱলী সন্দৰ্ভত মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ প্ৰতিনিধি সকলে সন্তুষ্টি প্ৰকাশ কৰে।


সভাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্রধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী,সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ সচিব অনুৰাগ ফুকন,মৃদঙীয়া গায়ন বায়ন সংস্থাৰ তৰফৰ পৰা নিৰ্মল চন্দ্ৰ গগৈ, ব্ৰজেন চেতীয়া,প্ৰদীপ কুমাৰ গগৈ, বলীন চেতীয়া আৰু দিগন্ত হাজৰিকা উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.