মেঘালয়ত ভূমিধবসৰ বাবে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যানবাহন চলাচল বন্ধ ঘোষনা


মেঘালয়ৰ লুমস্নোগ ত বানপানী হোৱাত আৰু কুলিয়াঙত ভূমিধবস ৰ বাবে পুনৰ জাননী নিদিয়ালৈকে জোয়াই বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সকলো ধৰণৰ যানবাহনৰ চলাচলৰ বাবে বন্ধ থাকিব। মেঘালয় আৰক্ষীয়ে এক জাননী যোগে এই তথ্য সদৰি কৰিছে।

ইফালে মেঘালয়ৰ গাঁৱ বুঢ়া সকলেও এই পথৰ সংস্কাৰৰ দাবীত এই ঘাই পথেদি বুধবাৰৰ ৰাতিপুৱাৰ পৰা কোনো যানবাহন চলিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে।

Related Articles