Breaking

মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 67

দিছপুৰ, ১০ জুলাই: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গৰে তিনিখনকৈ বৈঠকত অংশগ্ৰহণ কৰে ।

প্ৰথমে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকল আৰু জনগোষ্ঠীটোৰ প্ৰায়কেইটা জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰে । পৰিষদৰ সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচন বিষয়ত মন্ত্ৰীগৰাকীয়ে সংগঠনসমূহৰ দিহা পৰামৰ্শ গ্ৰহণ কৰে । আনহাতে মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনসমূহৰ পৰাও সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীগৰাকীয়ে মটক স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন বিষয়ত পৰামৰ্শ গ্ৰহণ কৰে । তেওঁলোকৰ সৈতে আলাপ আলোচনাৰ জড়িয়তে পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

পাছত মন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰো বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰে আন এক বৈঠকত মিলিত হয় । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকা এই বৈঠকত জনগোষ্ঠীটোয়ে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সামগ্ৰিক দিশৰ বিষয়ে আলোকপাত কৰা হয় । দল সংগঠনৰ প্ৰতিনিধিবৰ্গৰ পৰা মন্ত্ৰী দুগৰাকীয়ে স্বায়ত্বশাসিত পৰিষদখনৰ পাৰিষদীয় সমষ্টি নিৰ্দ্ধাৰণ আৰু নিৰ্বাচনৰ বিষয়েও দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.