মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon

২৬ মাৰ্চ,২০২৫: morigaon । অসমৰ জাতীয় সংগীতৰ ৰচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ প্ৰমুখ্যে অসমীয়া ভাষা-সাহিত্যৰ মহান কাণ্ডাৰীসকলৰ মানসপুত্ৰ সদৃশ অসম সাহিত্য সভাৰ গৰিমা পাটকাই পৰ্বতৰ শিখৰৰ লগত সৈয়া হৈ থাকিব। আজি মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু ‘শতদল’ আহঁতগুৰি‌ শাখা সাহিত্য সভাৰ সহযোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যু দিৱস উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিৰ ভাষণত এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ সাম্প্ৰতিক সময়ৰ লেখক-লেখিকাসকলে কেৱল নিজৰ পাৰ্গতালি জাহিৰ কৰিবলৈকে কেৱল নিলিখি প্ৰকৃতাৰ্থত অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ আহঁতগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰ গুৰু কীৰ্তনঘৰ আৰু নাটঘৰত অনুষ্ঠিত কেন্দ্ৰীয় সাহিত্য দিৱসত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰাণজিৎ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। ভাষণ প্ৰদান কৰি বৰাই কয় যে অসমীয়াৰ স্বাভিমান লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহঁতগুৰি আমাৰ সকলোৰে গৌৰৱ স্থলীত পৰিণত হৈছে, বিশ্বায়নে সৰু সৰু জাতিসত্বাক দুৰ্বল কৰি তোলাৰ সময়তে বেজবৰুৱাই সৰ্বাধিনায়কৰ ভূমিকাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি অসমীয়া জাতিটোক জাতীয় পৰিচয় প্ৰদানৰে বিশ্বৰ বুকুত স্বাভিমানেৰে থিয় কৰোৱালে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই উদ্বোধনী আদৰণী ভাষণ আগবঢ়োৱা সভাখনত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ত সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, কবি সন্মিলনৰ আহ্বায়ক নৱজ্যোতি নাথ, যুৱ সংসদৰ আহ্বায়ক গৌতম গগৈ, সচিব অশোক সেনাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে পৰাণ কুমাৰ বৰুৱা, মৃণাল হাজৰিকা, বিনু লস্কৰ ঠাকুৰীয়া, শংকুসিদ্ধ নাথ, অনুপ তালুকদাৰ, বিৰিঞ্চি কুমাৰ হাজৰিকা, ড০ হীৰালাল বৰা, ডা০ মৃণ্ময় কুমাৰ নাথ, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে মিলেশ্বৰ পাটৰ, হৰেণ বৰা, সম্পাদক ক্ৰমে অজিৎ শৰ্মা, জয়ন্ত ডেকা, অচ্যুত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, সাহিত্য সংগঠক ক্ৰমে মিণ্টু দাস, বিজু দেৱী, হৰেশ্বৰ ডেকা, প্ৰদীপ শৰ্মা, ভীষ্ম দুৰ্লভ মহন্ত, মুনিন্দ্ৰ লাংফাই, ভদ্ৰেশ্বৰ ডেকা, প্ৰমোদ দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক কুশল কুমাৰ বৰা, উপসভাপতি লক্ষেশ্বৰ বৰদলৈ, শতদল আহঁতগুৰি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সত্যহাস দাস, প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকা, সম্পাদক ৰাজেন দাস প্ৰমুখ্যে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। কেইবা শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত জীপাল হোৱা সাহিত্য দিৱস পালনৰ সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ হৰমোহন কলিতা, আঁহতগুৰি শাখা সাহিত্য সভাৰ সভাপতি অঞ্জলি দাস, অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষীদ্বয় ক্ৰমে মহেন্দ্ৰ নাথ হাজৰিকা আৰু ধৰণীধৰ বুঢ়াগোহাঁয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে। উল্লেখ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহঁতগুৰিঘাটস্থিত তেখেতৰ আৱক্ষ মূৰ্তিৰ সন্মুখত পুষ্পাৰ্ঘ অৰ্পণৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী সহিতে অৰ্ধশতাধিক বিষয়ববীয়াই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


পুৱা ৮.৪৫ মিনিটত পতাকা উত্তোলন আৰু ৯ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হোৱা দিৱসটিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাক মৰিগাঁও জিলা সাহিত্য সভা, বহুসংখ্যক শাখা সাহিত্য সভা, দল-সংগঠন-ব্যক্তি বিশেষে স্মাৰক, সম্বৰ্ধনা-পত্ৰ, শৰাই চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে ব্যাপক সম্বৰ্ধনা জ্ঞাপন কৰে। দুকুৰিৰো অধিক সাহিত্য অনুৰক্তই অসম সাহিত্য সভাৰ আজীৱন সভ্য, হিতৈষী সভ্যপদ গ্ৰহণ কৰা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ আৰু জাতীয় সংগীত পৰিৱেশনৰে সামৰণি পৰে।।

Related Articles