Breaking

মৰিগাঁও জিলা দবাত ৰিপন সৰকাৰৰ চেম্পিয়ন

0 32

মৰিগাঁও , ৯ জুলাই : মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৰিপুন সৰকাৰে । গত আৰু ৯ জুলাইত মৰিগাঁও মজলীয়া বিদ্যালয়ত মৰিগাঁও জিলা দবা সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত জিলা বাচনি দবা প্ৰতিযোখনৰ ৬ খেলত ৫ পইণ্ট লাভ কৰি চলিত বৰ্ষৰ চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

আনহাতে পূৰ্বৰ চেম্পিয়ন কমল ডেকা আৰু পীয়ূষ প্ৰিতম্ মচৰঙে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে সমসংখ্যক ৫ পইণ্টৰে । উল্লেখ্য যে তিনিও গৰাকী দবাৰুৱে সমানে ৫ পইণ্টকৈ অৰ্জন কৰে যদিও উন্নত টাইব্ৰেক পদ্ধতিয়ে প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান নিৰ্ধাৰণ কৰা হয় । আনহাতে ৪.৫ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ চতুৰ্থ স্থান লাভ কৰে উত্তম কুমাৰ বিশ্বাসে ।

বিজয়ী আৰু বিজিত খেলুৱাই সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা পুৰস্কাৰ বিতৰণী সভাখনত উপস্হিত থাকে বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া , লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া বিকাশ ছেত্ৰী , যুটীয়া স্বাস্হ্য সঞ্চালক ড০ অৰুণ কুমাৰ নাথ , মৰিগাঁও দবা একাডেমি সঞ্চালিকা সংঘমিত্ৰা নাথ মজুমদাৰ , মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপন ভূঞা , জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাকে ধৰি বহুকেইগৰাকী মান্য ব্যক্তি । প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ এম অৰুণ সিঙে । উল্লেখ্য যে প্ৰতিযোগিতা খনৰ প্ৰথম চাৰি নম্বৰ স্থান প্ৰাপ্ত খেলুৱৈ কেইগৰাকীয়ে ১৬ -২০ জুলাইত নগাঁৱত অনুষ্ঠিত হ’ব লগা ৪৭ সংখ্যক সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতাত মৰিগাঁও জিলা প্ৰতিনিধিত্ব কৰিব ।

Leave A Reply

Your email address will not be published.