Breaking

মৰিগাঁও শিক্ষা বিভাগৰ অনন্য প্ৰয়াসঃ প্ৰথমবাৰৰ বাবে ৫ খন বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিতৰ পাঠদান…

0 32

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ কেইখনমান বচা বচা বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ পাঠদান অব্যাহত আছে। গ্লাচগ’ৰ ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী গ্ৰহণ কৰা ৰূপি দাসে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ অধীনত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ এক অনন্য পদক্ষেপ লোৱা হৈছে। বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ আছে কেতবোৰ বিশেষ সুবিধা। গণিত শিক্ষাত বৈদিক পদ্ধতিয়ে গণিতক আমোদযোগ্য আৰু উপভোগ্য কৰি তোলে। গণিতৰ হিচাপসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰা আৰু অংকসমূহৰ শুদ্ধতাৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বৈদিক গণিতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

লগতে হিচাপ সমূহৰ শুদ্ধতাৰ ক্ষেত্ৰত সত্যাসত্য নিৰূপণৰ এটা আহিলা হিচাপে বৈদিক গণিত ব্যৱহাৰ কৰিব পাৰি। বৈদিক গণিতে ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ লগতে শিক্ষাৰ্থীৰ মনত নিয়মানুৱৰ্তিতাৰ এটা মনোভাৱ জগাই তোলে। সম্পূৰ্ণৰূপে বিনামূলীয়া এই বৈদিক গণিতৰ দ্বাৰা অসমক গণিতৰ ক্ষেত্ৰখনক এক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে।

মৰিগাঁও জিলাৰ ৫ খন বিদ্যালয়ৰ প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি যোৱা ১৭ মে’ৰ পৰা পাঠদান আৰম্ভ হৈছে। মৰিগাঁও গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু কেন্দ্ৰীয় ধৰমতুল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পাঠদান কৰি থকা হৈছে। উল্লেখ্য যে এই নতুন শিকন পদ্ধতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.